পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৩৭
মৃগাৱতী চৰিত্ৰ।

যত সদাগৰ  আছে আপুনাৰ,
  দিলা সবে কুমৰক।
কুমৰো অনন্দে  ৰৈলা সেহি থানে,
  সুমৰি ইষ্ট দেৱক॥
পাচে নৰপতি  সুত মহামতি,
  আনি সদাগৰ চয়।
যত বিবৰণ  বিশ্বাসে কহিলা,
  মন ভয়ত আছয়॥
তাহাৰে মাজত  মনজিত নামে
  বৃদ্ধ এক সদাগৰ।
কৰ যোৰ কৰি  কুমৰৰ আগে,
  দিলন্ত হেন উত্তৰ॥
মই জানো প্ৰভু  ৰোকাম নগৰ,
  পাই যেনমত কৰি।
খাইবাৰ সমল  একহি জনৰ,
  লৈব তিনি ডিঙ্গা ভৰি॥
তেবে সেহি থান  পাইবেক জানাহা,
  শুনিছো গুৰু মুখত।
কিন্তু তুমি তাক  যাইবাহা কিমত
  ৰাক্ষস সেনা বহুত॥
হেন বাণী শুনি  বুলিলা কুমৰ
  হেৰ মনজিত বাপ।
সকলে ভৰষা  তোমাতে অৰ্পিলো,
  খণ্ডিয়োক মোৰ তাপ॥
তইসে মোহোৰ  নিজ বাপ মাৱ,
  পশিলো তোত শৰণ।
যেন মতে মই  যাইবাক পাৰোহো,
  কৰাহা সেহি যতন॥