পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ৰাম দ্বিজ।

মৃগাৱতী চৰিত্ৰ।

দুলড়ি॥

কুমৰ বদতি  শুন মহামতি
  পাত্ৰ মন্ত্ৰী সমস্তই।
যি সব বুলিলা  সবে সত্য বাণী,
  আত শঙ্কা নাহিকয়॥
নিচয়ে বিবাহ  কৰিবো কন্যাক,
  কহিলোহো সাঙ্গ কৰি।
দায়া নাছাৰিবা  ৰাজাক তুষিবা,
  মোহোৰ কাৰণ কৰি॥
কিন্তু এক খানি  বোলো আমাসাৰ,
  আছে হেন ব্যৱহাৰ।
প্ৰথমতে মূল্য  ধনক দিবেক,
  তেবেসে বিহা কন্যাৰ॥
এতেকে আমাৰ  ধনক দিবাৰ,
  নাহিকে কিছু উপাই।
যদিসে আমাক  দিবাহা কন্যাক,
  কহ হেন কথা যাই॥
যেবে নৰেশ্বৰে  দিবে কিছু ধন,
  নোহেকেসে বন্ধনৰ।
তেবে তাক দিয়া  কৰিবো নিবাস,
  নিৱসে নিজ দেশৰ॥
বুলিবাহা কেনে  কোসন বন্ধন,
  ধন দিবে নৰপতি।
তাহাৰ সিদ্ধান্ত  শুনা সবে শান্ত,
  মোৰ লয়ে হেন মতি॥

১১৮