পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩৩
মহাভাৰত—মূষল পৰ্ব।

নিজ নিজ স্বামী চিনি ধৰি বৰনাৰী।
অনেক বিলাপ কৰে ৰূপ গুণ স্মৰি॥
ক্ৰন্দন এৰিয়া সবে উপাই চিন্তিলা।
দূত সকলক চাই বচন বুলিলা॥
বিলম্ব নকৰ শীঘ্ৰে সাজি দিয়ো চিতা।
আগামী লগে যাইবো কিবা আছে চিন্তা॥
যজ্ঞ কাষ্ঠ দিয়া চিতা তেখনে সাজিলা।
স্বামী সকলকো লৈয়া তাহাতে উঠিলা॥
ব্ৰাহ্মণে কৰাইলা যত বিধি ব্যৱহাৰ।
সঙ্কল্প কৰিয়া অগ্নি লগাইলা সবাৰ॥
সাগৰৰ বালি জুৰি অগনি লাগিল।
আকাশৰ হন্তে পাছে বিমান আসিল॥
বিমানে উঠিল লগে নিজ নাৰী লৈই।
আপোনাৰ থানে থানে থাকিলন্ত গৈই॥
কৃষ্ণৰ মহিষী আৰো অষ্টম প্ৰধান।
প্ৰভুৰ বিয়োগে সবে এৰিলন্ত প্ৰাণ॥
ৰুক্মিনী লক্ষ্মণা আৰো কালিন্দ্ৰী সহিত।
ইসব প্ৰবেশ ভৈলা জানিব লক্ষ্মীত॥
ভদ্ৰাসত্য মিত্ৰ বিন্দা এহি তিনি গৈই।
সৰস্বতী শৰীৰত প্ৰবেশিলা যাই॥
সত্যভামা লয় গৈলা বসুমতী গাৱে।
জাম্বৱতী লয় গৈলা পাৰ্ব্বতীৰ ঠাৱে॥
ৰেৱতী প্ৰমুক্ষ কৰি ৰামৰ ৰমণী।
দাৰুকৰ মুখে কথা নিৰ্য্যানৰ শুনি॥
একাগ্ৰ কৰিয়া মনে চিন্তিয়া চৰণ।
শৰীৰ এৰিয়া গৈলা অনন্তৰ স্থান॥
উগ্ৰসেন বসুদেৱ ৰোহিনী দৈৱকী।
ৰাম কৃষ্ণ নাম ধৰি পাৰি ফুৰে উকি॥
চাৰিয়ে প্ৰবেশ পাছে ভৈলন্ত বনত।
কৃষ্ণক বিচাৰি ফুৰে চাৰিয়া সতত॥