পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৩১
মহাভাৰত—মূষল পৰ্ব্ব।

দাৰুকে দেখন্ত গাৱে তত্ব নাহিকয়।
মাথে জল দিয়া কিছুমানে যে বিঞ্চয়॥
যেনে তেনে কৰি উঠিল অৰ্জ্জুন।
সাৰথিক চাই কান্দি বুলিলা বচন॥
কেনমতে বংশ নাশ কৰিলেক হৰি।
মোক কাক দিয়া গৈলা আপোন নগৰি॥
তুমিবা নগৈলা কেনে প্ৰভুৰ লগত।
বাৰ্ত্তা কহিবাক কিবা পাঞ্চিল আমাত॥
কান্দি কান্দি দাৰুকেও কহিবে লাগিলা।
যদু বংশি বীৰ মানে প্ৰভাসক নিলা॥
স্নান দান কৰিলেক বিধিৰ বিধানে।
মধুময় সুৰামানে কৰিলন্ত পান॥
জ্ঞান নষ্ট হুয়া ক্ৰোধ উঠিল ডাঙ্গৰ।
অস্ত্ৰ শস্ত্ৰ ধৰি পাছে কৰিলা সমৰ॥
একো অস্ত্ৰ নৰহিলা কাহাৰো হাতত।
ঋষি সাপে গজি আছে মাদুৰি তাহাত॥
মূষলত গুড়ি কৰি পেলাই আছে জলে।
মাদুৰি গজিয়া ৰৈলা সেহিতে মূষলে॥
সেহি মাদুৰিক সবে লৈলেক উভাৰি।
কোবা কোবি কৰি সবে যাই মৰি মৰি॥
অসন্তোষ কৰি বলো কৃষ্ণক বুলিলা।
মাতি বুলি দণ্ড ভাঙ্গো শীঘ্ৰ বেগে চলা॥
আসিয়োক দাদা বুলি তেখনে চলিলা।
দুই ভাই নানা ভাৱে বিস্তৰ বুলিলা॥
কালে গ্ৰসি আছে কথা কিছু নুশুনিল।
মাৰ মাৰ বুলি ৰাম কৃষ্ণক বুলিল॥
ক্ৰোধকৰি দুয়ো ভাই মাদুৰি লৈলেক।
দুতয় হাজাৰ আৰু পঞ্চম শতেক॥
মাৰিলন্ত দুয়ো পাছে পশিয়া মধ্যত।
জুলি বাটি ঘোৰা যুদ্ধ মাৰিলা সমস্ত॥