প্ৰভুৰ নিৰ্য্যান বাৰ্ত্তা কৈত বা শুনিলা।
কহিবে খোজন্তে জানো চেতন হৰিলা॥
এহি বোলাবুলি কৰি কান্দিবে লাগিলা।
যিবা যৈত আছিলেক চাপিয়া আসিলা॥
কতো বাৰ্ত্তা শোধে কতো ধাকুৰন্ত হিয়া।
দাৰুক প্ৰবেশ তথা কৃষ্ণ বাৰ্ত্তা লৈয়া॥
দেখে নাৰীগণে কান্দে চৌপাশে আবৰি।
মৃতকৰ বেশে আছে ধনঞ্জয় পৰি॥
দেখি দাৰুকৰ শোক জ্বলিলা দুগুণ।
কৃষ্ণৰ শৰীৰ জানে এহিতো অৰ্জ্জুন॥
হাহা ধনঞ্জয় বাপ তয়ো যাস এৰি।
বাল্য বৃদ্ধ বিধবাক অনাথিতি কৰি॥
এহি বুলি আৰ্ত্তৰাৱে কৰন্ত ক্ৰন্দন।
পাৰ্থ পাৱে ধৰি পৰি হৰিল চেতন॥
দেখিয়া সবাৰো পাছে ধাতু উৰি গৈলা।
ভাল নুহিকয় বুলি কান্দিবে লাগিলা॥
লাজ কায মৰ্য্যদাকো এৰি সব জন।
শোক প্ৰজ্বলিত গাৱে নাহিকে চেতন॥
কতো বেলি ধনঞ্জয়ে পৰিয়া আছিলা।
হা প্ৰাণ কৃষ্ণ বুলি নয়ন মেলিলা॥
দেখি পাৱে ধৰি পৰি আচন্ত দাৰুক।
বিশ্ৰুতি বিজ্ঞান হৈয়া পুনু মুদিলেক॥
সেহি বেলা চেতনক লভিলা সাৰথি।
অৰ্জ্জুনক মাতে ধীৰে বাৰ্ত্তা কৈবে প্ৰতি॥
উঠা উঠা বুলি তাঙ্ক ধৰিলেক তুলি।
কৃষ্ণ সূৰ্য্য অস্ত গৈলা মৰিলো সমূলি॥
তোমাক বুলিলে কৃষ্ণে সেহি সময়ত।
দেখিবে নাপাইলো তাঙ্ক অন্তিম কালত॥
শুনি অৰ্জ্জুনৰ গাৱে শোকাগ্নি লাগিলা।
হিয়ে মুষ্টি হানি ঢলি ভূমিত পৰিলা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১১১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩০
অসমীয়া সাহিত্যৰ চানেকি।