পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯২৪
অসমীয়া সাহিত্যৰ চানেকি।

গঙ্গা যমুনাৰ তাত সঙ্গম বিশেষ।
দেখি অৰ্জ্জুনৰ ভৈলা মনত হৰিষ॥
বিদ্যাপতি নামে এক দেখিলা ব্ৰাহ্মণ।
শিষ্য সকলৰ আগে কহে ভাৰত পুৰাণ॥
হেন দেখি অৰ্জ্জুনৰ উল্লসিত মন।
স্নান কৰি গৈলা সেহি ব্ৰাহ্মণৰ স্থান॥
সুন্দৰ শৰীৰ শ্যাম বৰ্ণ কলেৱৰ।
অতি নব যুবত দেখিতে মনোহৰ॥
উৰু কৰি কৰ সম ভুজ দুইখান।
বহল হৃদয় কৃষ কটি যে সুঠান॥
সদৃশ নয়ন মুখ চন্দ্ৰমাৰ কান্তি।
নিবিৰে দশন মেন মুকুতাৰে পান্তি॥
কৃষ্ণৰ সমান ৰূপ দেখিয়া সম্প্ৰতি।
কৃতাঞ্জলি কৰিয়া পুছিলা বিদ্যাপতি॥
কৃষ্ণ ধনঞ্জয় তোৰা নৰ নাৰায়ণ।
একেশ্বৰে আসিলাহ কেনে মোৰ স্থান॥
এহি বুলি দিয়াইলন্ত বিচিত্ৰ আসন।
গৌৰৱ কৰিল তাতে বসিলা অৰ্জ্জুন॥
ধনঞ্জয়ে বোলে গুৰু কথা শুনিয়োক।
কৃষ্ণ আজ্ঞা শিৰে ধৰি আসিলো তীৰ্থক॥
তিনিয়ো লোকত দুষ্ট আছিলেক যত।
সমৰে মাৰিয়া তাক কৰিলেহে হত॥
জীৱ বধ পাপ মোৰ লাগিলা শৰীৰে।
কেনে দ্ৰোহ নাশ কৰে কহিয়ো সত্বৰে॥
ব্ৰাহ্মণ বদতি শুনা নৰ কৃপাময়।
ইসব পাপক লাগি নকৰা সংশয়॥
এহি হেতু তোমা দুই ভৈলা অৱতাৰ।
পুছিলা যি সব ফল কথা কহো প্ৰয়াগৰ॥
কনৌজ পুৰত এক ব্ৰাহ্মণ আছিল।
ভদ্ৰতনু হোম তান বিষ্ণু ভজাইল॥