পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২১
মহাভাৰত—মূষল পৰ্ব্ব।

তোমাক কৰিলে দ্ৰোহ ত্ৰিজগত নাথ।
চাহিবে নালাগে আৰ কাট মোক নাথ॥
হেন শুনি হাসি হৰি বুলিলা বচন।
কিঞ্চিতেকো ভয়তই নকৰিবি মনে॥
বালিসুত অঙ্গদ আছিলি দাপৰতে।
পিতৃ বধি মাৰো বুলি খুজি লৈলি বৰে॥
অদ্যাপিয়ো ৰাখিলিহি সাপ ব্ৰহ্মণৰ।
মনুষ্য শৰীৰে তই চল স্বৰ্গপুৰ॥
এতেকে বোলন্তে আসি নামিলা বিমান।
ৰত্নৰ দীপিতি জ্বলে সূৰ্য্যৰ সমান॥
প্ৰদক্ষিণ কৰি ব্যাধ দণ্ডৱতে পৰি।
বিমানে চৰিয়া স্বৰ্গপুৰে গৈলা চৰি॥
আছন্ত জগত নাথ ব্যাধক পঠাই।
কোটি চন্দ্ৰ সূৰ্য্য সম ধৰি নিজ কাই।
চক্ৰ আদি কৰি অস্ত্ৰ সবে মূৰ্ত্তি ধৰি।
কৃতাঞ্জলি কৰি আছে চৌপাশে আবৰি॥
সেহি সময়ত গৈয়া দেখিলা উদ্ধৱে।
আশা মামা বুলি মাতিলন্ত কৃষ্ণদেৱে॥
কৃষ্ণৰ চৰণ গৈয়া উদ্ধৱে ধৰিলা।
চৰণত মাথা থৈয়া কান্দিবে লাগিলা॥
উদ্ধৱক চাই কৃষ্ণে বুলিলা বচন।
মোহোক লাগিয়া তুমি নকৰা ক্ৰন্দন॥
তুমি আমি দুয়ো যদি এৰো এই থান।
সবে অনাচাৰী হৈব গুচিবেক জ্ঞান॥
বদৰিকাশ্ৰমে হেৰা চলিয়োক তুমি।
নাৰদক তযু স্থানে পাচি দিবো আমি॥
উদ্ধৱক প্ৰবোধিয়া আছন্ত কেশৱ।
সেহি সময়ত গৈলা ঋষি যে মৈত্ৰেয়॥
মৈত্ৰেয়ক চাহি বুলিলন্ত কৃপাময়।
বিদুৰক নেদেখিলো এহি যে সময়॥