পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫১৮ অসমীয়া সাহিত্যৰ চানেকি।

সেই অব্যয় আত্মাৰ বিনাশ কৰিতে কেঞা নপাৰে। এতেকে অবিনাশী নিত্য অপৰিচ্ছিন্ন আত্মাৰ সম্বন্ধী দেহৰে অন্ত আছে; সুখ দুখ সম্বন্ধ হয়। আত্মাৰ পুনু বিনাশ নাই। সুখ দুষ খ সম্বন্ধে ঘটে। এতেকে মোহ জন্য শোক এড়ি স্বধৰ্ম্ম যুদ্ধ কৰা। এমনে ভীষ্মদিৰ মৃত্যু নিমিত্ত শোক নিবাৰিলা। মঞি বধিবে বুলি যি দুষখ কহিছা, তাকো তেমনে অকাৰণ জানিবা; যি জনে এই আত্মাক মাৰে মৰে বুলি জানে, তাক অজ্ঞানী বুলি মানি। পৰমাৰ্থত আত্মক নমাৰে নমৰে। স্বৰূপত আত্মাৰ জন্ম নাই, মৰণে নঘটে, আছে হেনো নোহে, টুটনো নাই, পৰিণামো নেদেখি, বৃদ্ধিয়ো নহয়; এতেকে শৰীৰ নষ্ট হৈলে, আত্মাৰ নাশ নাই। যি পুৰুষে এই আত্মক অবিনাশী অজ অব্যয় নিত্য কৰিয়া জানে, সি কাক মৰাইবেক, কাক মাৰিব? এতেকে প্ৰযোজক বুলি, মোতো দোষ দৃষ্টি নকৰিব। যদি বোলা আত্মক অবিনাশী জানিও তান শৰীৰ নাশ দেখি, শোক কৰো, তাত শুনা। যেন মনুষ্যে জীৰ্ণবস্ত্ৰক পৰিত্যাগ কৰি, নবীন বস্ত্ৰক গ্ৰহণ কৰে, এমনে আত্মায়য়া পুৰাণ দেহক এড়ি, নবীন দেহক স্বীকাৰ কৰে; কৰ্ম্মনিবন্ধন নুতন দেহ অৱশ্যে হৈব। জীৰ্ণ দেহ নাশত শোক কৰিতে নালাগে। এই আত্মক অস্ত্ৰেয়ো নাকাটে, অগিয়ে নদহে, জলেয়ো কোমল নকৰে, বায়ুয়ে মুশুখাৱে। এতেকে অছেদ্য অদাহ অক্লেথ অশোচ্য নিত্য সৰ্বগত অচল সনাতন অব্যক্ত অচিন্ত্য অপ্ৰাপ্য কৰি কহে। হেন আত্মাক জানি তুমি শোক কৰিতে যোগ্য নহৱা। আত্মাৰ জন্ম মৰণ নাই পদে শোক কৰিতে নলাগে, আক কহিলো। যদি বোলা আত্মা দেহৰ লগতে জন্ম হয়, দেহৰ মৰণে মৰয়, তথাপি তুমি শোক কৰিতে যোগ্য নহৱা, তাৰ যুক্তি শুনা। জন্ম হৈলে আপুনাৰ কৰ্ম্মে মৰণ নিশ্চয় হৈব, মৃতকৰৰ সেই দেহৰ কৰ্ম্মে জমো অৱশ্যে হৈব, এতেকে অপৰিহাৰ্য কাৰ্যত তুমি বিদ্বন্ত হুৱা কেনে শোক কৰা। দেহাদিৰ স্বভাৱ দেখি দেহোপাধিয়ে আত্মাৰ জন্ম মৰণ মানি, শোক কৰিতে নাপাৱা। অব্যক্ত প্ৰধান হতে, সকল শৰীৰ উৎপন্ন হুয়াছে; মাজত মাত্ৰ ব্যক্ত হুয়াছে; পুনু অব্যক্ততে লয় হৈবে। এতেকে দেহাদি প্ৰপঞ্চ, স্বপ্ন সম তাত কেনে তুমি শোক কৰা। যদি বোলা তেবে কেনে বিদ্বন্তসবে শোক কৰে; সিয়ো আত্মাৰ অজ্ঞানত ঘটে। বিবেকী জনো শাস্ত্ৰ আচাৰ্য্যৰ উপদেশে আত্মাক দেখিয়ে আশ্চৰ্য হেন দেখে; সৰ্বগত। নিত্য জ্ঞানআনন্দ আত্মক সস্তাবিবে পাৰে; তেমনে কহিয়ো শুনিয়ে৷ আত্মক কোে নাজানে। এতেকে জানি, সকল দেহত আত্মাক নিত্য অবধ্য জানি তুমি কাকো লাগি শোক কৰিতে অই নহবা। যি বুলিছ মোৰ শৰীৰ কাম্পে সি যুক্ত