৫১৬ অসমীয়া সাহিত্যৰ চানেকি।
কৰিতে আমি নিশ্চয় কৰিলো; ৰাজ্য সুখ লোভে স্বজন বধিতে উদ্যত হৈলো; এমনে মহাতাপ কৰি মৰিতে নিশ্চয় কৰন্ত। মঞি অস্ত্ৰ নধৰি মৌনে ৰহহ, তেবে যদি দুৰ্য্যোধনাদি অস্ত্ৰ ধৰি মোকে বধে তেবে মোৰ মহাপ্ৰিয় হয়, যাতে পাপ নিসিজিব। সঞ্চয়ে কহন্ত, জানা ৰাজা যুদ্ধৰ সমুখত অৰ্জ্জুনে এই বাক্য বুলি ধনুশৰ এড়ি শোকে কম্পিত হৈয়া ৰথৰ উপৰতে বসিলা। হে শ্ৰীকৃষ্ণ মোৰ পৰমগুৰু অন্তৰ্যামী হৃষিকেশ তুমি যি কৰাইল আমি তাকেসে কৰি, এতেকে আমাৰ কিছছা স্বতন্ত্ৰ নাই। তাক আপুনি জানি নিজ গুণে সন্তোষ হুয়া কিছছ৷ কৃপা কৰা। যেমনে সাধু সঙ্গত তযু গুণ গাইতে পাৰে। তোমাৰ চৰণ পদ্মত মনে সহস্ৰ কৌটিবাৰ দণ্ডৱত কৰে। সামাজিক ডাকি হৰিবোল হৰি। | দ্বিতীয় অধ্যায়। পাচে কি প্ৰৱৰ্ত্তিল এই অপেক্ষাত সঞ্জয়ে কহন্ত, জানা ৰাজা, এমনে অৰ্জুন কৃপায়ে ব্যাপ্ত হয়। শোকলোতকে আকুলনেত্ৰ হুয়া খেদ কৰিকে অৰ্জুনক মধুসূদন ভগৱন্তে বুলিবে লাগিল।। হে পৰম্ভপ সখি, এই যুদ্ধসঙ্কটত কেনে তোমাৰ স্বতসে মোহ ভৈল, আক সাধুসবে নতো কৰে, স্বৰ্গকো নসধে, অধৰ্ম্মো হয়, অকীৰ্তিকে কৰে। এতেকে তুমি কাতৰ নকৰিবা। তোমত ই যোগ্য নহে। অন্যায় কাৰ্পণ্য এড়ি যুদ্ধক উঠা। অৰ্জুনে বোলন্ত হে মধুসূদন, মঞি কাতৰে যুদ্ধ এৰিলো, ই নহে; কিন্তু অন্যায় দেখিসে নিবৰ্ত্তিলো, তাক শুন। ভীষ্মপিতামহ, দ্ৰোণগুৰু, দুইকো পূজা কৰিতে লাগে; যাক বচনতো যুঝিম বুলিতে ভাল নহে, তাৰাক কেমনে শৰে যুদ্ধ কৰিম? যদি বোলা তেবে তোমাৰ দেহযাত্ৰাও মুহিবেক, তাত শুনা। পৰলোক অহিত গুৰু বধ নকৰি, ইহলোকত ভিক্ষা ভোজনো উচিত হয়। গুৰুবধ কৰিলে পুনু ইহলোেকত কধিৰে লিপ্ত অৰ্থকামস ভোজন কৰিম। যদি বোলা তেবে তাকে যুদ্ধত নিৰ্ভাৱা, সিয়ো নঘটয়। “যুধিষ্ঠিৰৰ আগে ভীষ্মে কহিছা, অৰ্থৰ দাস পুৰুষ, অৰ্থ কাৰৰ দাস নহে। আক তুমি সত্যে জানিব। এতেকে অৰ্থ দিয়া কৌৰৰে আমাক বন্ধ কৰিছে, এহি হেতু জানি, তাৰ অৰ্থতৃষ্ণাকুল হুয়া যুদ্ধ এৰিবে নহে। এতেকে তাৰাৰ বধ অৱশ্যে হৈব। যদি অধৰ্ম্মকে অঙ্গীকাৰ কৰে তথাপি আমাৰ জয় বা পৰাজয় অধিক তাকো নজনোআমাৰ জয় পুনু ফলত পৰাজয়সে হৈব। যাৰাক মাৰি জাম জীবাক ইছা নকৰিম, আসবে যুদ্ধত সমুখে আছে। আৰাক মাৰি আমি কেমনে