পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কথা-গীতা। ৫১৫

সঞ্জয়ে বোল, জানা ৰাজা অৰ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণে সকল ৰাজাৰ মাজত ভীষ্ম দ্ৰোণ সমুখত দুই সেনাৰ মধ্যত উত্তম ৰথ ৰাখি বুলিলা; হে পাৰ্থ, কুৰুৰীৰসবক চক্ষু মেলি দেখা , তাত অৰ্জ্জুনে পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃ ভাতৃপুত্ৰ পৌত্ৰ সখী শশুৰ সুহৃদ সব দুয়ো সেনাত দেখিলা। সেই সকল বন্ধুসব যুদ্ধক ইছাই সমুখে থকিবাৰ দেখি, পৰম কৃপায়ে ব্যাপ্ত হুয়া মহাদুষখ পায়। কুন্তিপুত্ৰ অৰ্জ্জুনে শ্ৰীকৃষ্ণক এই বাক্য বুলিলা; হে কৃষ্ণ এই জ্ঞাতিসব যুঝিবে ইছায়ে যুদ্ধত উপস্থিত দেখি মোৰ কৰচৰণাদি ভাগি যাই, মুখখা শুখাই, শৰীৰে কাম্পে, ৰোমমা সিহঁৰে, গাণ্ডীৱ ধনু হাতৰ খসি পড়ে, চৰ্ম্মো তাপ কৰে। আমোক যুঝিম আগত থাকিবে নপাৰৰ, মনন মহাভ্ৰম হয়, বিমঙ্গলসবে দেখো, উপৰত শগুণ ফুৰে, শৃগালে আৰাৱ কৰে, যুদ্ধত স্বজনক বধি কিছো ফল নেদেখো, বিজয়কে আকাঙক্ষা নকৰে, ৰাজ্যকে ইছা নকৰে, সুখকো নবাঞ্ছো। হে গোবিন্দ, আমাৰ ৰাজ্য ভোগত জীৱনত কি প্ৰয়োজন। যি বন্ধুসবৰ তাৰ্থে আমৰা ৰাজ্য ভোগ সুখক ইছা কৰি, সি বন্ধুসব প্ৰাণধন ত্যাগক অঙ্গীকাৰ কৰি যুদ্ধত উপস্থিত হুয়া আছে, তাক শুনা; আচাৰ্য্য পিতৃব্যপুত্ৰ পিতামহ মাতুল শশুৰ শ্যালা সমন্ধীসব। হে মধুসূদন, আৰা যদি আমাক মাৰে তথাপি আমি তাৰাক মাৰিৰে ইছা নকৰি। ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থেও বন্ধুসব নবধি, পৃথিবীমাৰ পদে নবধিবু তাক কি বুলিম। হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ পুত্ৰসব বধিলে, আমাৰ কি প্ৰীতি হৈব! যদ্যপি আৰ। আমাক বিষ দিয়া মাৰিতে চাইছে, অগ্নিয়ো দিছে, ধন সৰ্বষো হৰিছে, ৰাজ্যভাৰে কাঢ়ি লৈয়া আছে, ভাৰ্য্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঝিছে, এই ছয় দোষে আসবে আততায়ী, অৰ্থশাস্ত্ৰ মতে আততায়ীক বধিলেয়য়া দোষ নাই, তথাপি ধৰ্মশাস্ত্ৰক অপেক্ষায় আৰাক বধিলে আমাক দোষে পাইব। এতেকে ধৃতৰাষ্ট্ৰৰ পুত্ৰসব আমাৰ বান্ধৱ, তাৰাক বধিতে আমাৰ ভাল নহে। যাতে বন্ধুসবৰ বধ অন্যায় অধৰ্ম্মক দেখি। হে মাধৱ বন্ধুসব বধি কেমনে ইহলোকত সুখী হইবো। যদ্যপি আৰা লোভ থাকি কুলক্ষয় দোষ মিত্ৰদ্ৰোহ পাপকো নেদেখে, তথাপি আমি সেই দোষ দেখি, কেনে পাপত নিবৃত্তি নহৈবে। আবে সেই দোষকে শুনা। কুলক্ষয় হইলে কুলধৰ্ম্ম নষ্ট হুইব। ধৰ্ম্ম নষ্ট হৈলে অবশিষ্ট কুলকো অধৰ্মে ব্যাপিব; অধৰ্মে ব্যাপিলে কুলস্ত্ৰীসব দুষ্ট হইব। স্ত্ৰীসব দুষ্টা হৈলে বৰ্ণসঙ্কৰ হৈব, বৰ্ণসঙ্কৰ হৈলে কুলৰ নৰক, গতি হৈব। তেৰে পিতৃসব লুপ্তপিগুজলাঞ্জলি হয়। পৰিব। এই দোষ সবে জাতিধৰ্ম্ম কুলধৰ্ম্ম বৰ্ণাশ্ৰমধৰ্ম নষ্ট হয়া মনুষ্যসব নৰকত বাস কৰিব। আক আমি স্মৃতিত শুনিছি; অহো কি কষ্ট! মহাপাপ