পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫১৪ অসমীয়া সাহিত্যৰ চানেকি।।

দ্ৰোপদীৰ পাঞ্চ পুত্ৰ প্ৰতিবিন্ধ্যাদি; তাৰা সবে মহাৰথী। তাৰ লক্ষণ কহন্ত; যি একে দশসহ ৰথীক যুঝই তাক মহাৰথী বুলি, যি অপৰিমিত ৰথীক যুঝই তাকে অতিথী বুলি; একে একে যুঝিলে ৰথী বুলি; দুই ৰথে একক বুঝিলে অৰ্দ্ধৰথী বুলি। আমাৰ সৈন্যৰে। যি যি বিশিষ্ট সেনাপতিসব তাক কহে সাবধানে শুনা; তুমি গুৰু দ্ৰোণ ভীষ্ম পিতামহ কৰ্ণ মহাৰথী কৃপ অগ্ৰগণি অশ্বত্থামা বিকৰ্ণ সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা; আনো বিস্তৰ বীৰসৰ মোৰ অৰ্থে প্ৰাণকো এড়িবে ইছা কৰিছে; সবে নানা অস্ত্ৰত নিপুণ, সবে যুদ্ধত বিশাৰদ। এহি মহাবীৰসবে যুক্ত হুইতেও ভীষ্ম সেনাপতি সৰ্বভাৱে ৰাখিতেও, আমাৰ একাদশ অক্ষৌহিনী সেনা পাণ্ডৱ সমে যুঝিবে অসমৰ্থ হেন প্ৰকাশ কৰে। ই পাণ্ডৱৰ সাত অক্ষৌহিনী সেনা ভীম সেনাপতি মাত্ৰ ৰক্ষিত হুয়ে, আমাক যুঝিবে সমৰ্থ হন প্ৰকাশ কৰে। এতেকে তোৰাসবে সাবধানে, আপুনাৰ যুদ্ধ ভূমিত থাকি ভীষ্মক ভালমতে ৰক্ষা কৰিবা; সমুখে যুঝিতে যেন পাচৰ আসি কেহো প্ৰহাৰ নকৰে; ভীষ্মৰ বলেসে আমাৰ বল। এমনে বহুমানযুক্ত ৰাজাৰ বচন শুনি, মহাপ্ৰতাপী কুৰুবৃদ্ধ ভিঙ্গে ৰাজাৰ হৰিষ বঢ়াই সৰ্ব প্ৰাণীৰ ভয়ঙ্কৰ, সিংহৰ সদৃশ যুদ্ধনাদ কৰি, উচ্চ কৰি শঙ্খ বজাইলা। এমনে সেনাপতি ভিষ্মৰ যুদ্দোৎসৱ দেখি সকল ঠাইতে শঙ্খ ভেৰী পণৰ আনক গোমুখ আদি নানা বাদ্য বজাইলা; তাৰ মহাশব্দ হৈল। আৱে পাণ্ডৱ সৈন্যৰ যুদ্ধোৎসৱ শুনা। শুক্লবৰ্ণ চাৰি হয়যুক্ত মহাৰথত থাকি কৃষ্ণ অৰ্জুনে দিব্য দুই শঙ্খ বাদ্য কৰিলা; তাৰ নাম কহেঁ৷; শ্ৰীকৃষ্ণে পাঞ্চজন্য শঙ্ক বাদ্য কৰিলা; অৰ্জ্জুনে দেবদত্ত নাম শঙ্খ বাজাইলা; পৌধু নাম মহাশঙ্খক ভীমে ফুঙ্কিলা; অনন্তবিজয় নাম শঙ্খক যুধিষ্ঠিৰে বজাইলা। নকুলে সুঘোষ নাম শঙ্খক, সহদেৱে মণিপুষ্পক, ধ্বনি কৰিলা। কাশিৰাজ শিখণ্ডী ধৃষ্টদ্যুম্ন বিৰাট সাত্যকী দ্ৰুপদ দ্ৰোপদীৰ পাঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু, অৰািসবো পৃথকে পৃথকে শসব শব্দ কৰিলা। সেই শঙ্খৰ মহাশব্দে আকাশ পৃথিবী সমে দশোদিশ পূৰি, কৌৰৱ সেনাৰ মহাভয় জন্মাই হৃদয় বিদাৰণ কৰিলা। পাচে কপিধ্বজ অৰ্জুনে কৌৰৱ সৈন্যক যুদ্ধত সমুখে থাকিবাৰ দেখি, অস্ত্ৰ বৃষ্ট্ৰিয় পৰিবে লাগিলে, গাণ্ডীৱ ধনু ধৰি হৃষিকেশ ভগৱন্তক এই বাক্য বুলিলা; হে অচ্যুত এই উভয় সেনৰ মধ্যত মোৰ ৰথক ৰাখিয়ে, যাৱন্তে যুঝন্তা বীৰসৰক চাঞ; বুলি তুমি যুঝন্তাসে যুদ্ধচাবা নহৱা; তাত শুনা। মঞি কাৰ সমে যুব্ধ কৰিম, দুদ্ধি দুৰ্য্যেধনৰ প্ৰীতি কৰিবাক ইছাই যি যি বৰসব আসিছে তাৰাক চাঞে; তাৱত দুই সেনাৰ মধ্যত উত্তম ৰথক ৰাখিবা।