কথা-গীতা। ৫১৩
অনুসাৰে বিচাৰিয়া তাৰ ব্যাখ্যাৰূপ আনন্দগিৰিৰ বচনকো মতি অনুসাৰে বিচাৰিয়া গীতা ব্যাখ্যাক আৰস্তিবব; যাৰ পাঠ মাত্ৰে গীতাক ব্যাখ্যা কৰা যাই, সেই সুনোধিনী টীকাক বুদ্ধিমন্ত সবে চিন্তন কৰোক; আবে সৰ্বটীকাৰ অনুসাৰে Lন কাজ। গীতা কথনৰ কাৰণ কহে। | ভগৱন্ত পুৰুষোত্তমে, জীৱক কৃপায়ে চৌবিশ তত্ত্বে ব্ৰহ্মাণ্ড সুজি তাতে ব্ৰহ্মাক উদ্ভৱ কৰাইল; ব্ৰহ্মাৰ পুত্ৰ মৰীচ্যাদিৰ মুখে প্ৰবৃত্তি মাৰ্গ প্ৰৱৰ্তইল; সনকাদিৰ মুখে নিবৃত্তি পন্থ দেখাইলা, সেই নিবৃত্তি মাৰ্গে বহুলোক নিস্তৰিবাৰ নেদেখি, পৰম কৃপায়ে পৰিপূৰ্ণৰূপে, দৈৱকীৰ উদৰে উদয় হুয়া বহুবিধ লীলা কৰিলা, নিজ যশ প্ৰকাশিলা, যাৰ শ্ৰৱণ কীৰ্ত্তন স্মৰণে, মহাপাপী সংসাৰ তৰে; তাক গুৰুশিষ্য মতে প্ৰৱৰ্তাইবে লাগি, নৰ অৱতাৰ হুয়া সকলগুণমন্দিৰ সৰ্বজনপ্ৰবোধসঞ্চাৰ- শক্তিযুক্ত অৰ্জুনক সখী কৰিলা। যেন তৈল বিন্দুমাত্ৰো জলৰ এক প্ৰদেশত পৰিলে, সকল জলক ব্যাপয়, ধূলীত পৰিলে পুনু সোহ মতে ৰহে, তেমনে বিশিষ্ট জনক উত্তম কথা অল্প কহিলে, সকল লোকতে প্ৰৱৰ্তে; এই অৰ্থে অৰ্জুনৰ যুদ্ধ সমুখত তত্ত্বৰ অজ্ঞানে শোক মোহ বঢ়াই, জ্ঞান দূৰ কৰি নিজ ধৰ্ম ত্যাগ, পৰধৰ্ম্মত অভিসন্ধি কৰি শোক মোহ সাগৰত মগ্ন কৰিলা; তেবে ভগৱন্ত কৃষ্ণে ধৰ্ম্মজ্ঞান ভক্তিৰ উপদেশে শোক মোহ সাগৰৰ উদ্ধাৰ কৰিল। সেই ভগৱন্তৰ উপদিষ্ট অৰ্থক বেদব্যাসে সাত শ শ্লোকে নিবন্ধন কৰিলা। প্ৰায় কৃষ্ণ মুখ নিসৃত শ্লোককে লিখিলা; কতোসব তাৰ সঙ্গতিৰ অৰ্থে আপুনিয়ো কৰিলা। আক স্কন্দপুৰাণত গীতামাহাত্মত কহিছা। পুৰুষে গীতা মাত্ৰ শ্ৰৱণ কীৰ্ত্তন স্মৰণ কৰিব, আন শাস্ত্ৰ বিস্তৰত কি প্ৰয়োজন। যি গীত, ভগৱন্তৰ মুখপদ্মত ব্যক্ত হুয়া আছ, তাত প্ৰথমে কৃষ্ণ অৰ্জুনৰ সম্বাদ প্ৰস্তাৱ কথা কহন্ত। প্ৰথম অধ্যায়। | ধৃতৰাষ্ট্ৰে, সঞ্জয়ত প্ৰশ্ন কৰন্ত। হে সঞ্জয়, মোৰ পুত্ৰসব পাণ্ডুপুত্ৰ সবো ধৰ্ম্মভূমি কুৰুক্ষেত্ৰত যুদ্ধক ইছাই মিলিত হুয়া কি কৰ্ম্ম কৰিলা তাক মোত কহ। সঞ্জয়ে কহ, জানা ৰাজা, পাণ্ডৱৰ সেনাসব ব্যুহৰূপে ৰহিবাৰ দেখি তোমাৰ পুত্ৰ দুৰ্যোধনে দ্ৰোণ আচাৰ্যৰ সমীপক গৈয়া বুলিবে লাগিল, হে আচাৰ্য পাণ্ডৱসৰ বিস্তৰ সেনাসব দেখা; দ্ৰুপদৰ পুত্ৰ তযু শিষ্য ধৃষ্টদ্যুম্নে ব্যুহ ৰচি আছে, যাত ভীমাৰ্জন সম মহাধনুৰ্ধৰ বীৰসৰ আছে, তাৰ নাম শুন; সাতকী বিৰাট চেকিতান কাশিৰা পুৰুজিত কুন্তিভোজ শৈব্য যুধামন্য উত্তমৌজা সুভদ্ৰাৰ পুত্ৰ অভিমন্যু