৫১২ অসমীয়া সাহিত্যৰ চানেকি।
.
বিস্তৰ কি বুলিব আপুনি জানা। তথাপি তোমাক কাপুণ্য কৰো তুমি আপুনি
জানা তথাপি দুঃখ কাপুণ্য কৰৰ কৃপা কৰা। সামাজিক সবে ডাকি হৰি
বোল হৰি।
কথা-গীতা।
গ্ৰন্থকাৰৰ সূচনা।
জয় জয় পৰমানন্দ নন্দনন্দন পুৰুষোম শ্ৰীকৃষ্ণ গোবিন্দ গোপীনাথ
কমলাকান্ত সুশান্ত পৰমেশ্বৰ তোমাৰ পদাৰবিন্দত কোটি কোটি প্ৰণাম কৰোঁ। সাৰ
নাম মাত্ৰে সকল জগতৰে পাপ হৰে, চিত্তকো নিৰ্মল কৰে, পৰম জ্ঞান মিলাৱে, ভুক্তি
মুক্তি হৰিভক্তিকে দেই, হেন দৈৱকীনন্দন কৃষ্ণক প্ৰণাম কৰে। ব্ৰহ্মামহেশো
যাৰ আজ্ঞা ধৰা, লক্ষীয়ো যাক সততে সেৱা কৰা, হেন সৰ্বেশ্বৰ ভগৱন্তক প্ৰতি
সহস্ৰ প্ৰণাম কৰে।। হে কৃপাৰ সাগৰ দামোদৰ তযু গুণ গীতামৃতক কথাবন্ধে
ৰচিতে ইছা কৰে, যদি কৃপাৰ একলেশ কৰা তেবে পাৰি। তোমাৰ চৰণপত
কায়বাক্যমনে শৰণ পশিলল।
| যদ্যপি আমি শ্ৰীকৃষ্ণৰ প্ৰসাদে শ্ৰীধৰী শাৰী দামোদৰী ভাস্কৰী চাৰিয়ো টীকা
বিচাৰ কৰিছি, তথাপি প্ৰায় শ্ৰীধৰী টীকাৰ মতে কথা নিবন্ধিবো; তাহাৰ যুক্তি
শুনা, শাঙ্কৰী টীকা জ্ঞান প্ৰধান কৰি ব্যাখ্যা কৰে, ভাষ্কৰী কৰ্ম্মক প্ৰধান কৰে,
শ্ৰীধৰী ভক্তি মাত্ৰ নিৰূপণ কৰে, দামোদৰী তিনিয়ে যোগ সমে কহে।
এতেকে বৈষ্ণৱ সৰ প্ৰীতিৰ অৰ্থে ভক্তি প্ৰধান টীকাৰ মতকে প্ৰায় লিখিবো;
ভক্তিৰ অনুকূল দেখি কিছো কিছ৷ তাৰাৰ মতকে নিবন্ধিবো। জ্ঞান, কৰ্ম
ৰাখিতেসে শঙ্কৰী ভাস্কৰীৰ বিবাদ; ভক্তিত কিছছ বিবাদ নকৰিছে; এতেকে
ভক্তিপন্থ সৰাৰে সম্মত।
| প্ৰথমে শ্ৰীধৰস্বামী আপুনাৰ ইষ্ট দেৱতাক প্ৰণাম কৰন্ত। যি ভগৱন্তে
অনন্তৰ অনন্ত মুখৰ ব্যাখ্যা চাতুৰ্য্যক একে মুখে ধৰা, হেন অদ্ভুত পৰমানন্দ মাধৱক
বলো।' এতেকে হৰিহৰ মুত্তিক অভেদে প্ৰণাম কৰি কাৰ্য্যৰ নিৰ্ণয় কৰ।
লক্ষীৰ পতি জগদীশক উমাপতি বিশ্বনাথক আদৰে প্ৰণাম কৰি, সাধুসৰৰ ভক্তি
বশ হুয়া, গীতাৰ ব্যাখ্যা সুবোধিনী নাম টীকা কৰিবো, ভাষ্যকাৰ শঙ্কৰৰ মতক মতি
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৯৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
