পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথা ভাগৱত। ৫১১ যেন আকাশৰ ধূলা উড়াই, তেমনে তোমাত সপ্তাবৰণ সমে কোটি কোটি ব্ৰহ্মাণ্ড একে লগে ফুৰে। এতেকে বেদসব তাৎপৰ্যে তোমাত সীমা পড়ে। সাক্ষাতে কহিতে নাপাৰে। যাতে সগুণৰ গুণৰ অন্ত নাই। নিগুণক মনে বাক্যে নাজানে। এতেকে অত নিৰিষণ মুখে তোমত পৰ্যবসান হয়। এতেকে আমৰা জয় জয় কৰি তোমাৰ পাদ পদ্ম ভজো। নাৰায়ণে বোলন্ত জানা নাৰদ এমনে ব্ৰহ্মাৰ পুত্ৰ সবে বেদ স্তুতি কথা শুনি তিনিয়ো সনন্দনক অৰ্চা কৰিলা। এই কথা পুনু নিঃশেষ বেদৰ তাৎপৰ্য ৰহস্য। মহাত্মা মুনিসৰে উদ্ধাৰ কৰিছে। তুমি আক শ্ৰদ্ধায়ে ধৰা। শুকে কহন্ত, হেন শুনি নাৰদ কৃতাৰ্থ হুয়ো শ্ৰত অৰ্থক মনত চিন্তিলা। কৃষ্ণৰ অৱতাৰ মানি নাৰায়ণক প্ৰণাম কৰিলা। তন শিষ্যসবকে নমস্কাৰ কৰি মোৰ সাক্ষ্যাত পিতৃ ব্যাসৰ ঠাই আসিলা। ব্যাসো নাৰদক দেখি উঠিয়া সতকাৰ কৰিলা। নাৰদো এই কথা তান্ত কহিল। মইও তোমাৰ প্ৰশ্নত তাক কহিলোঁ। যি ভগবন্তে জগতৰ সৃষ্টি স্থিতি সংহাৰক আলোচন কৰন্ত, আদি অন্তত মধ্যতো প্ৰবন্ত, প্ৰকৃতি পুৰুষকে নিয়ম, বিশ্বকো জিয়ো প্ৰবেশ হৱন্ত, প্ৰতিপালো কৰন্ত জীৱকো ভোগ কৰান্ত, উপাসক সকলকে মোক্ষ দে, হেন হৰিক তোৰা সততে ভজা, যা হন্তে সকল ভয় দূৰ হৱে। যাতে স্বৰূপ থিতিয়ে মায়াক দূৰ কৰিছা। যাৰ পাদপদ্ম সকল দেৱৰ শিৰ বতুত প্ৰকাশ কৰে, যি কৰ্মিক ভোগ দে, ভক্তকো মোক্ষ দে, হেন মাধৱক মঞি প্ৰণাম কৰো। শ্ৰীভাগবত- কথায়াং দশম স্কন্ধে সপ্তাশীতিতমোহধ্যায়ঃ।। হে সাধুসব! ই বেদস্তুতি কথা পৰম গহন। তাত মই অল্পমতি, তথাপি দামোদৰৰ আজ্ঞায়ে টাকা ভাষ সমন্বিত কৰি সংক্ষেপে কিছছা নিবন্ধিলো। সামান্য দুৰ্বোধ ভয়ে বিস্তৰ নিলিখিলো। তাক তোৰ আপুনি জানা। এতেকে আত নিন্দা নুবুলি কৃষ্ণকথা বুলি অনুমোদন কৰিবা। যাতে সাধুৰ এয় স্বভাব। বিশেষত কৃষ্ণকথা বিনে সংসাৰ তৰিতে আন উপায় নাই। এতেকে সাধুসবে একে কথাকে লোক অনুগ্ৰহাৰ্থে নানাৰূপে শ্ৰৱণ কীৰ্ত্তন কৰে। যাতে পুৰুষৰ এই মানে কৰ্তব্য। | হে কৃষ্ণ ভক্তবৎসল ভগৱন্ত! মঞি অধমক দয়া কৰি তোমাৰ কথাৰস দিয়া, যাতত তযু চৰণত শৰণ পশিছোঁ। এতেকে তোমাৰ কথাৰস দিবে জাগে।