৫১০ অসমীয়া সাহিত্যৰ চানেকি।
বোলা উৎপন্ন পদে মঞি উপাদান সে কহিলোঁ, নিমিত্ত নকহোঁ, তাত শুন—কোনো ঠাই গুণ উপাদান হন্তেও সৰ্পক মিচা দেখি, তাতে যদি দেখা কেবল গুণ মাত্ৰ, সৰ্পৰ উপাদান নহে কিন্তু অজ্ঞানতেসে হুয়াছে। তাত শুনা তেমনে আততা। অজ্ঞান বুজিবা। তেবে একোমতে প্ৰপঞ্চ সত্য নহয়। তথাপি যদি বোলা মিচা হৈলে কেনে কাৰ্য কৰে, আৰ উত্তৰ শুনা। কোনো ঠাইত মেচকিয়া টকাৰ ক্ৰয় বিক্ৰয় কৰে। আৰে। যদি বোলা এক ঠাই থাকিলে সে আৰ ঠাই আৰোপ ভ্ৰম ঘটে, সঙ্গে নথাকিলে কেমনে ভ্ৰম হৈব, তাত শুনা। অন্ধ পৰম্পৰাও মিথ্যা ভ্ৰমে প্ৰবৰ্ত্তে, পৰমাৰ্থত নঘটে। যদি বোল মিচা হৈলে কিসক বেদে কৰ্মফল কহে, তাত শুনা। কৰ্ম্মজাত সবক বেদো ভ্ৰম মাত্ৰ কৰাৱে, পৰমাৰ্থত সত্য কৰি নকহে। এতেকে প্ৰপঞ্চক সত্য কৰিতে কিছে৷ সাধন নাই। অসত্যক লাগি অনেক কহো। ই বিশ্বখান সৃষ্টিৰ পূৰ্বত নাছিল, প্ৰলয়ৰ অন্তত মুহিবেক। এতেকে মধ্যত মিথ্যা হুয়ো তোমত প্ৰকাশ কৰে। এতেকে আক যি সত্য কৰি কহে তাক অজ্ঞান বুলি। যদি বোলা মিথ্যা প্ৰপঞ্চ সমে জীবৰ সম্বন্ধ গন্ধো নাই তেবে কিয় সংসাৰত ফুৰে, কেনে বা ঈশ্বৰ নিত্য মুক্ত, জীব বা কেনে নিত্য বদ্ধ। তবে কিসক লাগি বা কৰ্ম্মকাণ্ড বিহিল। আৰ উত্তৰ শুনা, জীৱ পুৰুষে মায়ায়ে অবিছাক অলিপি দেহাদিক মোৰ বোলে। এতেকে আনন্দাদি ৰহিত হুয়া সংসাৰত ভ্ৰমে। এতেকে তাৰ নিমিত্তে কৰ্মকাণ্ড বিহিছে। তুমি পুনু মায়াক বস্তু কৰি নমান। এতেকে পৰমেশ্বৰত প্ৰকাশ কৰা। হে ভগৱন্ত! যি সন্যাসীসবে পুত্ৰ ভাৰ্য্যা সঙ্গ এড়িও মনৰ কাম বাসনা নেড়ে সি কদাপি তোমাক নপাৱে। যেন কণ্ঠত মণি থাকিতেও পাশৰিলে অপ্ৰাপ্য হয়, তেমনে হৃদয়ত থাকিতেও তোমাক নাপাৱে কিন্তু ইহলোকে দুঃখ মাত্ৰ পাৱে। যদি বোলা সন্যাসীৰ কিছো কষ্ট নাই তাত কেনে বৃথা তাপ কৰা। দুয়ো লোকত ভ্ৰষ্ট হৈল বুলি, তাত শুনা—যি তোমাক সাক্ষাতে জানে সি পাপ পুণ্যৰ ফল সুখ দুখক অনুসন্ধান কৰে। তেবে বিধি নিষেধৰো অধিকাৰ গুছে। মুহি সন্তৰ উপদেশে অনবৰতে তোমাৰ কথাক শ্ৰৱণ কৰে, সিয়ো গুণ দোষৰ হাত এড়াৱে। যি যোগৰ চলে ইন্দ্ৰিয়ক প্ৰীতি কৰে, তাৰে সে লোকত দুখ মুছে। হে পৰমেশ্বৰ ভগৱন্ত! তোমাৰ অন্ত ব্ৰহ্মাদিও নপাৱে, তুমিও নপাৱা। যদি বোলা তেৰে মোৰ কেমনে সৰ্বজ্ঞ সৰ্বশক্তি ঘটে তাত শুনা। যাতে অন্ত নাই। যেন শশাৰ সিংহ নাজানিলে সৰ্বজ্ঞ নুগুছে। তেমনে অনন্ত পদে তোমাৰ অন্ত নাপাই।