কথা ভাগৱত। ৫০৯
সৰ্বগত জীব হয়, ভেবে তোমাৰ বিষম নঘটে। যদি তোমাত হন্তে জাত হৱে তেবে ঘটে। যদি বোল। সেই মঞি কেনে তাক কহিতে নাপাৰি। যাতে তুমি বচনৰ অগোচ। হে পৰমেশ্বৰ! তোক প্ৰকৃতিপৰ অজ বুলি কহিছে। যেন জল বুদবুদ কেবল জল, কেবল বায়ু নোহে কিন্তু দুইৰ সংযোগে হোৱে, তেমনে কেবলে প্ৰকৃতি কেবলে পুৰুষ হন্তে ভাৱে সম নোহন্ত, কিন্তু দুইৰ সংযোগ সে হৱে। যেন পুষ্পৰ অনেক ৰস, মধুলী ন হুয়া থাকে, পৃথক কৰিতে নাপাৰি, তথাপি তাৰ ভেদ আছে। তেমনে প্ৰলয়ত জীবসব তোমত লয় যান্ত, অবিদ্যাসমে অন্তৰ আছে। যেবে গুৰুৰ কৃপায় মুক্তি পাৱে তেবেসে জলত জল হেন তোমাত আদ্যন্ত লয় হৱে। . এমনে জীবসব মুক্তি বিনে ঈশ্বৰ হন্তে সৃষ্টি প্ৰলয় পায়। সংসাৰত ফুৰে। আক জানি সন্তুদ্ধি সবে তোমত ভক্তি কৰে, যাত হন্তে সংসাৰ ভ্ৰমৰ দূৰ হৱে। কালো তাক ভয় নকৰাৱে। সিয়য় হৰি ভক্তি মন নিয়মিলেসে হয়। এতেকে পুৰুষে সদগুৰুক উপাসা কৰোক। আত বিনে আন মতে মনক নিয়মা নাযাই। যেন বণিজসবে কৰ্ণধাৰ বিনে সাতাৰ নাপাৰে, তেমনে গুৰুসেৱা বিনে সংসাৰ তৰা নাযাই। গুৰু উপদেশে অনায়াসে তৰে। এমনে গুৰুসেবা কৰি সৰ্বানন্দময় তোমাক পাইলে, তুচ্ছ বিষয়ত কি কাৰ্য আছে। আক জানি যি স্ত্ৰী সমে মৈথুন কৰ্মত প্ৰবৰ্ত্তে, তাক আশাৰ বিনাশী বিষয় সুখে কি আনন্দ কৰাইব। এমনে বিবেকীসবে বিষয় বৈৰাগ্য কৰি গুৰু উপদেশেও তত্ত্বক জানি সৎসঙ্গ আশায়ে তীৰ্থক্ষেত্ৰ কৰি ফুৰে, কদাচিতো বিষয় সেবা নকৰে। উত্তম জনে নকৰিব তাক কি বুলিম। একবাৰ যি তোমত মন দিছে, সিয়ো পুৰুষৰ সাৰৰ গৃহক সেৱা নকৰে। যদি বোলা বদ কৰ্ম্মপৰ হৈলে যি উপনিষদসবে কৰ্ম্ম নকহে সি নিষ্ফল হৈল। যাতত জৈমিনি আচাৰ্য্যে বেদক কৰ্ম্মপৰ কৰি কহিছে। এতেকে উপনিষদ সবৰো সেই সে যুক্ত হয়। বৃত্তিকাৰৰ যজ্ঞ ফলক কৰ্ত্তা প্ৰতিপাদন কৰি উপনিষদৰ নিৰাকাংশ কহিছা, ইমত কদাচিত নহে। যাতে বেদে কহে এক অদ্বিতীয় ব্ৰহ্ম বিজ্ঞান আনন্দময় এতেকে অদ্বিতীয় পৰমানন্দৰ কৰ্ম্মাঙ্গ যুক্ত নহে। এই হেতু তাৰাৰে ইমত নহে। তাতে যদি প্ৰপঞ্চ সত্য হয় ভেবে বা ঘটে। এতেকে প্ৰপঞ্চৰ অসত্যতা প্ৰশ্নোত্তৰে দেখান্ত। ই জগত সত্য, যাতে সত্য ব্ৰহ্মত জাত হুয়াছে। যেন সুবৰ্ণ জাত কুলাদিক সুবৰ্ণ বুলি। যদি অভেদ সাধে, ভেবে জাত হয়াছে পদে ভেদ হৈল। যদি বোলা অভেদ নসাধে, কিন্তু ভেদকেসে নিষেধধ, ভেবে অভেদ হৈব। সিয়ো নঘটে। কোনো ঠাই জাত হৱা বস্তু পিতৃ পুত্ৰাদিত ভেদ দেখিছে। যদি