এতেকে লোকে শ্ৰীকৃষ্ণক শ্ৰৱণ কীৰ্ত্তন স্মৰণ কৰিব। যাতো যোগীসবে প্ৰাণ মন ইন্দ্ৰিয়ক দমি যোগ অভ্যাসে যাক পাৱে, তাক শক্ৰসবে বৈৰ ভাৱে স্মৰণতে পায়াছে। গোপীসবে কামভাৱে স্মৰণতে পায়াছে। আমি বেদগণো সমভাৱে তোমাৰ চৰণ চিন্তি তাক পায়াছি। তোমাৰ স্মৰণৰ এহ্ণয় মহিমা যোগী কামী বৈৰী সমদৰ্শী সবাকে তোক পৱাৱে। হে পৰমেশ্বৰ! তোমাক জনাও দুস্কৰ, যাতো তুমি পূৰ্ব্ব সিদ্ধক, ইদানীক লোকে কেমনে জানিব। তোমাত হন্তে সে ব্ৰহ্মা জাত হুয়াছা। ব্ৰহ্মাৰ পাচতেসে দেৱতা হুয়াছা। এতেকে তোমাৰে লোকৰে অনেক অন্তৰ। প্ৰলয়ত যদি বিস্তৰ অন্তৰ নাই, তথাপি তাত জ্ঞান সাধন কাৰ্য্য কাৰণ দেশ কাল পাত্ৰ কিছো নেদেখি। এতেকে তোমাত এক শৰণ লৈয়া শ্ৰৱণাদি ভক্তি সে সুকৰ, জ্ঞান সুকৰ নহে। যা্তো উপদেশ দাতাতো বিস্তৰ ভ্ৰম দেখি। তাত শুনা, বৈশেষিকসবে অসন্ত জগতৰ উৎপত্তি কহে। পাতঞ্জলসবে সন্ত ব্ৰহ্মৰে জন্ম কহে, নৈয়ায়িকসবে অসন্ত ঈশ্বৰ বিনাশ কৰে, সাংখ্য মতে আত্মাৰ ভেদ কহে, মীমাংসকসবে কৰ্ম্মফলকে নিত্য কহে। যদি জ্ঞানময় পুৰুষ হয় তেবে সবে ঘটে, সি পুনৰ জ্ঞানতেসে বোলে। তুমি পৰমেশ্বৰত অজ্ঞান নঘটে, এতেকে আমি তোমাৰ নাম লৈয়া কৈসানিনো মুক্ত হৈবো? যদি বোলা যেবে মিথ্যা জগত উৎপত্তি নহে, তেবে পুৰুষৰ স্বগুণময় নঘটে। জগত সত্য হৈলে কেমনে নঘটিব।
তাত শুন, তুমি সত্যৰ সকাশত পুৰুষৰে পৰা মিথ্যা প্ৰপঞ্চ প্ৰকাশ কৰে। তোমাৰ ৰূপ বুলিসে জ্ঞানী সবে প্ৰপঞ্চ কহে পৃথকে নকহে। যেন সুবৰ্ণৰ বিকাৰ কুগুলাদিক লোকে সুবৰ্ণ বুলি ধৰে, তেমনে তযু কাৰ্য্য বিশ্বকো তুমি বুলি কহে। যদ্যপি আমি বেদে তোমাৰ জ্ঞানক সাক্ষাতে কহিছি, তথাপি যিতো মোক সেৱা কৰে, সেই সে মৃত্যু সংসাৰ তৰে। অভক্তক পুনু বেদ জড়িয়ে পশুক হেন বন্ধন কৰে এতেকে তোমাত যি প্ৰীতি কৰিছে, সি পুনু আনক আপুনাক পবিত্ৰ কৰে। বিমুখ সবে পুনু আপুনাক নপাৱে, কেমনে আনক পৱিত্ৰ কৰিব। এতেকে জানিবা হৰি ভক্তি বিনে তপ জপ তীৰ্থ ব্ৰত, যাগ যজ্ঞাদি মোক্ষ নঘটে। হে ভগৱন্ত! তুমি ইন্দ্ৰিয় সম্বন্ধ ৰহিত হৈলেৱো সৰ্ব্বলোকৰ শক্তি ধৰা। এতেকে ব্ৰহ্মাদি আপুন পক্ষ হুয়ো তোমাক সেৱা কৰে। যেন মণ্ডলপতিসবে মহাৰাজাক কৰ যোগাৱে, তেমনে দেৱগনো তোমাৰ আজ্ঞা কৰে। হে বিমুক্ত ! যেমন তোমাৰ মায়া বিহাৰ কৰিতে ইচ্ছা হয়, তেমনে পূৰ্ব্বকৰ্ম্ম অনুসাৰে স্থাবৰ জঙ্গম জীৱ সব জাত হয়। কৰ্ম্মানুসাৰ বিনে সম ঈশ্বৰত বিষম সৃষ্টি নঘটে। হে নিত্য যদি অনন্ত নিত্য