পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০৬
অসমীয়া সাহিত্যৰ চানেকি।

প্ৰলয়ত নিৰুপাধি জীৱসব, ধৰ্ম্ম অৰ্থ কাম মোক্ষাৰ্থে, বুদ্ধি ইন্দ্ৰিয় মন প্ৰাণ স্ৰজন্ত, এতেকে বেদ সগুণ। ভগৱন্ত নিৰ্গুণ, সৰ্ব্বজ্ঞ সৰ্ব্বশক্তি সৰ্ব্বোপাস্য সৰ্ব্বনিয়ন্তা সৰ্ব্বকৰ্ম্ম ফলদাতা, সকল কল্যাণ গুণৰ আশ্ৰয়। সদা চিদানন্দক বিস্তৰ স্তুতি কৰে, তেবে জীৱে উপাধি এৰি চিদাংশে একত্ব হৱে। আক যি শ্ৰদ্ধায়ে ধৰে সি কুশল পাৱে। আত নাৰায়ণ নাৰদ সংবাদ কহো।

 একদিনা নাৰদ ঋষি নাৰায়ণক দেখিবে তান আশ্ৰমক গৈলা। যি লোকহিতাৰ্থে আকল্পান্ত তপ কৰিবে লাগিছা, তাত কলাপ গ্ৰামবাসী মুনিসবে আবৃত হুয়া নাৰায়ণো বসিছ্ন্ত নাৰদো প্ৰণাম কৰি তুমি যি পুচিলা আকে পুচিলন্ত। নাৰায়ণো চাৰি সিদ্ধৰ সংবাদ তুলি কহন্ত, হে নাৰদ! পূৰ্ব্বত জন লোকত ব্ৰহ্মাৰ সত্ৰত সনকাদি চাৰি সিদ্ধৰ সংবাদ হৈল। যদি বোলা তেবে মঞি কিয় নাজানিলোঁ, তাত শুনা। তুমি শ্বেত দ্বীপত মোৰ মুৰ্ত্তি অনিৰুদ্ধক দেখিবে গইছিলা, তুমি মোত যি পুচিলা, তাৰাও এই প্ৰশ্ন কৰিলা। যদ্যপি তাৰাসব সমান জ্ঞানী হয়, তথাপি একজনক বক্তা কৰি, তিনিজন শ্ৰোতা ভৈল। তাত সনন্দনে কহন্ত, প্ৰলয়ত ভগৱন্তে স্বসৃষ্ট জগতক সংহৰি শক্তিগণ সমে শয়ন কৰন্ত। তাৰ অন্তত প্ৰথম নিশ্বাসত জাত হুয়া শ্ৰতিগণে তান মহিমা কহিয়া বোধ কৰান্ত, যেন ৰাজা নিদ্ৰা গৈলে, স্তাবকসবে উষা সময়ত আসি, পৰাক্ৰম কহি বোধ কৰে, তেমনে শ্ৰুতিসবে স্তুতি বোলয়। হে অজিত! জয় জয়, আপুনাৰ মহিমা প্ৰকাশ কৰা, সকল জীৱৰে অবিদ্যা হৰা। যদি বোলা কিসক গুণবতী নাশ কৰিম, তাত শুনা যেন বেশ্যা পুৰুষৰ ধন হৰিতে গুণক ধৰে, তেমনে জীবৰো আনন্দাদিক আবৰিবাৰ অৰ্থে সে গুণক ধৰিছে, এতেকে বধিব লাগে।

 যদি বোল তেবে মোকে আবৰিব, তাইক বধি; তোমাতো বাকী শক্তি আছে। তাত শুনা, তুমি স্বতসে সকল ঐশ্বৰ্য্য পায়াছা, মায়াকো বশ্য কৰিছা। যদি বোলা তেবে জীৱে বা কিসক জ্ঞান বৈৰাগ্য বলে নাশ কৰে, তাত শুনা। তুমি সে সকলো জীৱক জ্ঞানাদি শক্তি বোধ কৰাৱা, এতেকে তাৰা স্বতন্ত্ৰ নহে। আমাক প্ৰমাণ লৱা। যেখন তুমি অখণ্ড ঐশ্বৰ্য্য হুয়ো মায়া সমে সৃষ্টি আদি কাৰ্য্যত প্ৰবৰ্ত্তা, তেখন আমি সকল বেদগণে তোমাক প্ৰতিপাদন কৰি। যদি বোলা মোক কৈত প্ৰতিপাদন কৰা, ইন্দ্ৰ চন্দ্ৰাদি দেবকে সে ঈশ্বৰ বুলি কহা, তাত শুনা। ইন্দ্ৰাদি সকল জগত তুমি ব্ৰহ্ম হন্তে উৎপত্তি হয়, তোমত প্ৰলয় যাই, তথাপি তোমাৰ বিকাৰ নাই। যেন মৃত্তিকা হন্তে ঘটাদিৰ উদ্ভৱ নাশ হৱে, তেমনে তোমাক বেদে কহে। এতেকেসে ঋষিসবে বাক্যে মনে তোমাত প্ৰবৰ্ত্তে। আত দৃষ্টান্ত শুনা,