পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভট্টদেৱ

এওঁৰ পিতৃমাতৃয়ে থোৱা নাম বৈকুণ্ঠনাথ; কবিৰত্ন, ভাগৱত ভট্টাচাৰ্য বা | ভট্টদেৱ তেওঁৰ উপাধি। বৰপেটা মহকুমাৰ ভেড়াগাৱত ১৫৫৮ খৃষ্টাব্দৰ ওচৰাওচৰি কোনো সময়ত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কবিসৰস্বতী, মাতৃৰ নাম ৰাদেৱী। কবিসৰস্বতী এজনা প্ৰসিদ্ধ বৈদান্তিক ব্ৰাহ্মণ পণ্ডিত আছিল। বৈকুণ্ঠনাথে বড়নগৰৰ প্ৰসিদ্ধ পণ্ডিত গোপাল দেৱৰ টোলত সংস্কৃত শিক্ষা লাভ কৰে। তেওঁ অলপ দিনৰ ভিতৰতে বহুত সংস্কৃত শাস্ত্ৰ অধ্যয়ন কৰে, বিশেষকৈ ভাগৱতত তেওঁৰ বৰ ব্যুৎপত্তি জন্মে। শিক্ষা শেষ। কৰি সেই সময়ৰ অসমৰ বৈষ্ণৱধৰ্ম প্ৰচাৰক দামোদৰ দেৱত শৰণ লয় আৰু তেওঁৰ অনুমতিতে কথা-ভাগৱত ৰচনা কৰে। ভট্টদেৱে ১৫৯৩ খৃষ্টাব্দত কথা ভাগৱত লিখিবলৈ আৰম্ভ কৰি ১৫৯৭ খৃষ্টাব্দত তাক শেষ কৰে। দামোদৰদেৱে তেওঁৰ মৃত্যুৰ সময় ভট্টদেৱক পাটবাউসী সত্ৰৰ অধিকাৰ পাতি তেওঁৰ মূৰত ধৰ্মৰ অৰ্পণ কৰে। সেই সত্ৰত কিছু দিন থাকি ভট্টদেৱ তাৰ পৰা ব্যাসকুচিত এখন সত্ৰ স্থাপন কৰি তালৈ যায় আৰু তাতে ১৬৩৮ খৃষ্টাব্দত বৈকুণ্ঠগামী হয়। এওঁৰ ৰচিত প্ৰধান পুথিবিলাক এই কথাভাগৱত, কথাগীতা, কথাৰত্নাৱলী এই তিনিখন অসমীয়া গদ্যত লিখা; ভক্তি-সাৰ, ভক্তিবিবেক, শৰণ-সংগ্ৰহ এই কেইখন সংস্কৃতত লিখা; প্ৰসঙ্গমালা আৰু গুৰুবংশাৱলী অসমীয়া পদ্যত লিখা। কথা ভাগৱত। (১০ ম-৮৭ অ।) বেদস্তুতি। স্বভক্ত বিজ শুশ্ৰুষা সৰ্বধৰ্মাধিকা শুভ। যেনোক্তা ব্ৰহ্মপৰমা ববদমাৰ্গান্তমাশ্ৰয়ে। ... সাঅশী অধ্যায়ে বদস্তুতি কহিব। ৰাজা পুচ হে শুক নিগুণ.ব্ৰহ্মত, সগুণ ব্ৰক্ষ কেমনে প্ৰৰৰ্ত্তে, আক মোত কথা। শুকে কহ, ঈশ্বৰ ভগৱতে