বৈষ্ণৱ সবক, কৃতাঞ্জলি কৰি,
কহয় গোপাল মিশ্ৰ।
মহা উচ্চ কৰি, বোলাঁ হৰি হৰি,
তৰিয়োক ভৰকৃচ্ছ॥
লেচাড়ি।
ইতো শাস্ত্ৰ মহামুনি কৈলা, তাতে মহাধৰ্ম্ম থাপি থৈলা,
মৎসৰ ৰহিত সাধু সৱে আক পাৱে।
স্বৰ্গফল তেজে অনুক্ষণ, মোক্ষতো যাহাৰ নাহি মন,
তাৰা সবে মাত্ৰ আক ধৰ্ম্ম বুলি গাৱে॥
ইতো শান্ত্ৰ সত্য বস্তু কৱে, তিনি তাপ নিয়া দূৰে থাৱে,
নামত শ্ৰীমন্ত ভাগৱত নিৰুপম।
আক শুনিবাক যিতো চাৱে, হৃদয়ে ঈশ্বৰ লাগ পাৱে,
আন কোন ধৰ্ম্ম হইবেক ইহাৰ সম॥
চাৰি বেদ ভৈলা কল্পতৰু, ভাগৱত ভৈলা ফল গুৰু,
শুক মুখ লাগি ভূমিত আছে পৰিয়া।
অমৃত সমান স্বাদ ফল, সিঠা চাল নাহি নিৰিমল,
ব্ৰহ্মানন্দ ৰসে আছয় সদা ভৰিয়া॥
ৰসত চতুৰ যিতো জন, ফল পান কৰা দিয়া মন,
ৰসময় ফল আসে বৈকুণ্ঠৰ পৰা।
শিষ্য সবে ভৈলা শাখাচয়, তাতে ফল লাগি নাভাগয়,
মোক্ষকো লভিবা ইতো ফল পান কৰাঁ॥
একে শাস্ত্ৰ মাত্ৰ সাৰ ভৈলা, দেৱকী তনয়ে যাক কৈলা,
এক দেব মাত্ৰ দৈৱকী দেৱী কুমাৰ।
কৰ্ম্ম এক মাত্ৰ সত্য হয়, তাহান সেৱাক শাস্ত্ৰে কয়,
মন্ত্ৰো একমাত্ৰ কৃষ্ণ নাম সাৰে সাৰ॥