পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


|৪৮৮ অসমীয়া সাহিত্যৰ চানেকি।

ঘোষা। জয় যদুপতি জগন্নাথ, নিয়োক দাসক উদ্ধাৰি। ত্যু দাস বুলি মোক কৃপা কৰা তুমি জগবন্ধু হৰি। দোলড়ি। তটস্থ লক্ষণে, তাহাৰু বুজায়, | ধ্যানক কৰিলা সাৰ। ঈশ্বৰত বিনা, | সম্ভৰ কৃপাত, নেদেখিলা বস্তু আৰ। যান হতে হবে, জগতৰ জন্ম, পালন পুনু সংহাৰ। হেনয় কৃষ্ণক, ভজো ধ্যান কৰোঁ, • পূজো মঞি বাৰম্বাৰ। যিহেতু সমস্ত, প্ৰপঞ্চত হৰি, অনুগত হুয়া আছি।। ঈশ্বৰে এৰিলে,। কিছু নহয়, তিলেকতে হৱে মিছা। • ঘট পট স্তম্ভ, আদি কৰি যত, সংসাৰে বস্তু আছয়। সবাকে ব্যাপিয়া, আছা ভগৱন্ত, এৰিলে কিছু নয়। এতেকে জানি, যিতো বস্তু আছে, তাতে তাতে আছা হৰি। আকাশৰ পুষ্প, যিহেতু নাহিকে, তাকে ৰৈলা পৰিহৰি। যদি বোলা ইতে, জগতৰ হেতু, প্ৰকৃতিয়ে আসি হয়। তিনি গুণে যত, সৃষ্টি স্থিতি লয়, সংহাৰ যিতো কয়। এতেকেসে তোৰ, প্ৰকৃতিক ধ্যান, | কৰে। হেন শঙ্কা তেজা। যিহেতু প্ৰকৃতি, | জড়পা হোৱে, সবে চৈতন্যক ভজা।