পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৮৭
জন্মাদ্যস্য শ্লোকৰ কীৰ্ত্তন।

কাচে বস্ত্ৰ থৈয়া, হাতে চৰি লৈয়া,
জল জুখিবাক গৈলা।
নাৰী সবে দেখি, হাসিবে লাগিলা,
পাচে লাজ হয়া বৈলা॥
সূৰ্য্য মাত্ৰ সত্য, তাহান সকাশে,
জল বুদ্ধি সত্য হয়।
যিহেতু ৰাত্ৰিত, সূৰ্য্যৰ অভাৱে,
বালিত জল নোহয়॥
সেহিমতে ইতো, জগতৰ সিদ্ধি,
ঈশ্বৰত হন্তে হৱে।
ঈশ্বৰে এৰিলে, অজ্ঞানী সমস্তে,
সবে মিছা বুলি কৱ॥
যদি বোলাঁ ইতো, ঈশ্বৰত আছে,
প্ৰপঞ্চ জড় সগুণ।
প্ৰপঞ্চক বুলি, কেন মতে হৰি,
আপুনি হৈলা নিৰ্গুণ॥
ইতো শঙ্কা চয়, কদাচিতো নয়,
চৈতন্য বিশুদ্ধ হৰি।
স্বৰূপ প্ৰকাশি, মায়াৰ কপট,
থৈলা দূবে পৰিহৰি॥
শুনা সভাসদ, ভাগৱত পদ,
মনত কৰি নিশ্চয়।
ব্যাসে যাক ভজা, নাৰদে ভজন্ত,
আমাৰ কোন সংশয়॥
সংশয়ক তেজা, কৃষ্ণ পাৱে ভজা,
পূৰিয়োক মনকাম।
উদ্ধাৰা পুৰুষ, সমস্যাৰ লোক,
ডাকি বোলা ৰাম ৰাম॥