পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৮২
অসমীয়া সাহিত্যৰ চানেকী

বিষয়ৰ শ্ৰেষ্টা ভৈল যেন জটা ভাৰ।
জড়া ৰোগ ভৈল বাট আসিবাৰ তাৰ॥
কালে খড়গ ধৰি আছে মুণ্ডৰ উপৰে।
কিয় সুখে নিদ্ৰা কৰি আছা সবে নৰে॥

জনম মৰণ যাৰ নাই সংসাৰত।
সাখি বুলি বিশ্বাসক কৰিবা মৃত্তত॥
তাৰেসে নাহিকে ভয় মৃত্তৰ আগত।
আন কোন এৰাইবেক মৰণৰ হাত॥

মুণ্ডত মৃত্তৱে ধৰি আছে নিৰন্তৰে।
তাক যদি জানে পাপ কৰে কোন নৰে॥
আচোক অকাৰ্য্য তাৰ নুৰুচে আহাৰ।
নজানি চপাৱে পাপ কৰ্ম্ম মহাভাৰ॥

লোকৰ মৰণ দেখি কৰে হৰি হৰি।
আজি কালি কৰি কেনমতে গৈল মৰি॥
চেতন নপাৱে আপুনাক আছে ধৰি।
ৰাত্ৰি দিনে থাকে পৰকেসে চিন্তা কৰি॥

শিশু যুবা বৃদ্ধ গৰ্ভবাসে যত প্ৰাণী।
মৃত্তকে ধৰিয়া আছে সবাকো সন্ধানি॥
ঈশ্বৰ দৰিদ্ৰ মুৰ্খ পণ্ডিত দুৰ্ব্বল।
বলৱন্ত ধনী তপসিত মৃত সম॥

মন্ত্ৰ তপ জপ হোম ঔষধ উপায়।
নোৱাৰে এৰাইবে কোনো মৃত্তক সদায়॥
যিদিনাত মাতৃৰ গৰ্ভত হোৱে থিত।
সেহি দিনা হন্তে মৃত্যু চাপে সন্নিহিত॥

কিছু কিছু কৰি গিলি আছে জগতক।
আগতে নিবাক আসে নেদেখা কিসক॥
পিতৃ মাতৃ বন্ধু সকলোক নিল মাৰি।
সমস্ততে কৰি বৰ মৃত্যু অধিকাৰী॥