পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৭৮
অসমীয়া সাহিত্যৰ চানেকী

ঋষিগণ মুখে পাপী যাতনাক শুনি।
বুলিল ৰাজাৰ আগে বসি মনে গুণি॥
দেৱৰ আগত আবে গোচৰ আমাৰ।
কহিল যতেক দূতে মিছা সবে তাৰ॥

নকৰিলো পৃথিবীত পাপ কৰ্ম্ম আমি।
যেন কৰিবাক যোগ্য কৰিয়োক স্বামী॥
জানিয়া আচন্ত যমে তাৰ পাপ পুণ্য।
নোবোলন্ত কিছু শত্ৰু মিত্ৰ উদাসিন॥

সাক্ষী মুখে ধৰ্ম্মাধৰ্ম্ম কৰন্ত বেকত।
শাস্ত্ৰ অনুসাৰে দণ্ড কৰন্ত লোকত॥
সাক্ষীক সম্বুধি পাছে বুলিলন্ত ৰাজা।
ভৈলেক অসত্যবাদী পৃথিবীৰ প্ৰজা॥

অধৰ্ম্ম কৰিয়া বোলে নকৰিলো মই।
সাক্ষী সবে বোলা এবে যেন যোগ্য হুই॥
পাছে চন্দ্ৰ সূৰ্য্য আদি সবে সাক্ষীগণে।
পাপীক সম্বুধি ক্ৰোধে বুলিলা বচনে॥

অৰে পাপি সব মিছা মাত অকাৰ্য্যত।
এৰাইবাক পাৰ তই আমাৰ আগত।
কৰি আছা যত পাপ আমি আছোঁ জানি।
ৰাজাৰ আগত কিয় বোলা মিছা বাণী॥

সাখী মুখে শুনি আপোনাৰ কৃত্য পাপ।
অধোমুখে থাকি তৈতে কৰন্ত বিলাপ॥
চিত্ৰগুপ্তে বোলে তাক প্ৰবোধ বচন।
মিছাত বিৰোধ কৰ অৰে পাপীগণ॥

পৃথিবীত জন্ম লভি পাপী নৰ তনু।
নকৰিলি কিছু ধৰ্ম্ম আমি ঐতে শুনো॥
ভুঞ্জিবি যাতনা ফল পাপৰ সম্প্ৰতি।
অনেক বৎছৰ হুইব যাতনাত থিতি॥