পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৭১
বিষ্ণুপুৰাণ।

মেঘৰ গম্ভীৰ যেন শবদ বচন।
বিকট প্ৰকট আতি দীঘল দশন॥
এহি ৰূপ দেখি পাপীগণ কম্পমান।
মহাভয় হুয়া থাকে মৃতক সমান॥

পৰম ধাৰ্ম্মিক ঋষি সমে সভাপাতি।
বসিয়া থাকন্ত ৰাজা প্ৰকাশিয়া আতি॥
ধৰ্মিষ্ট বশিষ্ঠ ভৃগু ভৃগুৰ নন্দন।
অসিতদেৱল বিশ্বামিত্ৰ তপোধন॥

আনো ঋষি সবে তৈতে দিব্য সভাপাতি।
ৰাজাৰ আগত ধৰ্ম্ম কৱে দিনে ৰাতি॥
চন্দ্ৰ সূৰ্য্য বায়ু বহ্ণি পৃথিবী আকাশ।
কাল দিশ জলে তৈত কৰিল নিবাস॥

দিন ৰাত্ৰি দুয়ো সন্ধ্যা আছে মুৰ্ত্তি ধৰি॥
সাক্ষীৰূপে ঈশ্বৰৰ বাক্য অনুসৰি॥
আছে চিত্ৰগুপ্ত তৈত বুদ্ধিৰ মহন্ত।
মনুষ্যৰ পাপ পুণ্য সকলে লিখন্ত॥

দিনে দিনে যত পাপ পুণ্য কৰে নৰে।
গোটে গোটে পত্ৰ লিখি এক ঠাই কৰে॥
সেই দিব্য সভা মাজে বসি আছে যম।
ধৰ্ম্মাধৰ্ম্ম বিচাৰিয়া কৰ নিয়ম॥

দেখন্ত পাতকি আছে অধোমুখে বসি।
ঋষি সমজ্যাক বুলিলন্ত মহাযশী॥
শুনা সিদ্ধলোক মোৰ যেন সত্য বাণী।
এহি পুৰুষক মোত যোগাইলেক আনি॥

শুনিল দূতৰ মুখে পাপৰ মহিমা |
শাস্ত্ৰক বিচাৰি যাতনাৰ দেয়োঁ সীমা॥
ৰাজাৰ বচনে ঋষিগণে শাস্ত্ৰ চাই। '
কহিলন্ত পাতকিব যাতনা শুনাই॥