পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৭৬
অসমীয়া সাহিত্যৰ চানেকি।

পৰৰ ছিদ্ৰক মাত্ৰ চাৱে দিনে ৰাতি।
দিয়ে মহাদুঃখ তাক নানা বিসঙ্গতি॥
পুত্ৰ বধু মাতৃ আৰু দুহিতৃ ভগিনী।
হৰে যিবা নৰে তাক পাইলেক বিঘিনি॥

যম পথে হইব তা অনেক নিকাৰ।
মহানৰকত বাস হুইব পাছে তাৰ॥
পথতে নিয়ন্তে যাই খাণ্ডাৰ প্ৰহাৰে।
কুকুৰ শৃগাল ব্যাঘ্ৰে বেঢ়িয়া কামোৰে॥

পলাইবাৰ ঠাই নাই নপাৱে উপাই।
আগে পাছে দুয়ো পাশে সবে বেঢ়ি যাই॥
দক্ষিণ দুৱাৰে নিৱে সমস্তে পাপীক॥
বায়ু সঞ্চে পাৱে গৈয়া যমৰ পুৰিক॥

চয় আশি হাজাৰ প্ৰহৰ পথ দূৰ।
পাপ অৱসাৰে পাপী পাৱে যমপুৰ॥
বসিয়া আচন্ত ধৰ্ম্মৰাজা সমভাৱে।
গন্ধৰ্ব্ব সকলে নিতে তৈত গীত গাৱে॥

মহাপাপী জনে যাৰ নজানে স্বৰূপ।
পাপৰ প্ৰভাৱে পাপী দেখে নানাৰূপ॥
মহন্ত সুন্দৰ শান্ত অতি খেমাৱন্ত।
বিষ্ণুত ভকত সব ধৰ্ম্মত একান্ত॥

হেন মহাসব ধৰ্ম্মৰাজা কৃপাময়।
মহা পাপীগণে তাক কিৰূপে দেখয়॥
বিকৃতি বিৰূপ ৰূপ উৰ্দ্ধকেশ ভাৰ।
ব্যাধি শতে যুৰি আছে শৰীৰ তাহাৰ॥

অঙ্গাৰ সদৃশ ক্ৰুৰু বৰ্ণ কলেবৰ।
ভ্ৰূকুতি কুটিল মুখ ক্ৰোধে খৰতৰ॥
দীঘল ডাঙ্গৰ তাৰ অষ্টাদশ বাঙ্ক।
জগতকে গ্ৰহে যেন আকাশত যাঙ্ক॥