পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৬৩
সাত্বত তন্ত্ৰ।

এতেকে সাধনে যেবে সবে ইন্দ্ৰিয়ৰ।
স্বাভাবিক ৰতি যেবে ভৈল গোবিন্দৰ॥
আকে বুলি ভাগৱতী ভক্তি সুশোভন।
যাক পায়া ভক্তে মুকুতিতো নেদে মন॥

এবে প্ৰেম ভকতিৰ শুনিয়ো কাৰণ।
বিশ্বাস কৰিয়া স্থিৰ কৰি বুদ্ধি মন॥
একান্ত ভক্তকে গুৰু মানিবে প্ৰথমে।
তান উপদেশে লৈব সৎসঙ্গ যতনে॥

গোবিন্দৰ চাৰিবিধ লীলা শুনিবেক।
কীৰ্ত্তনো কৰিৰে তাক তাকে স্মৰিবেক॥
শ্ৰৱণ কীৰ্ত্তন পৰ যিসব হোৱয়।
তাসম্বাক প্ৰশংসা কৰিব সততয়॥

শ্ৰৱণ কীৰ্ত্তন প্ৰশংসাক স্মৰণক।
যদি কোনো জনে নপাৰয় কৰিবাক॥
নাম আবৃত্তিত সৰ্ব্বদায় প্ৰৱৰ্ত্তিব।
নামৰ প্ৰসাদে সৰে আপুনি সিজিব॥

সৰ্ব্বদায়ে মহন্তত কৰিবেক প্ৰীতি।
তেবেসে হৈবেক কৃষ্ণ দেৱত ভকতি॥
এহি প্ৰেমময় ভক্তি ভকতে লভিয়া।
সংসাৰতে জীয়া থাকে আনন্দে মজিয়া॥

পায়ে ভক্তে কৃষ্ণৰূপ শীল গুণ ক্ৰীয়া।
ভক্তি সুখ বিনে ভক্তে তাতে নেদে হিয়া॥
যদি কৰে আন সিতো ভক্তিৰ সাধন।
নাহি তাত দোষ যাত হৰিৰ সেবন॥

কিন্তু যি ভক্তিত নিষ্ঠা তাকে সে পাৱয়।
ফলভেদে ভেদ সাধনত ভেদ নয়॥
পৃথকে কহিলো ভক্তি যোগ সসাধন।
নিষ্কাম যে ফলৰূপ দুয়ো সুশোভন॥