পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৬১
সাত্বত তন্ত্ৰ।

হেন শুনি ময়ো তান চৰণত ধৰি।
পুচিলো কাহাক কয়ো ভক্ত বুলি হৰি॥
শুনি প্ৰীত হুয়া মোক বুলিলা বচন।
শুনিয়োক স্থিৰ কহো ভক্তৰ লক্ষণ॥

মোৰ ধ্যান নিষ্ঠা মোতে মাত্ৰ প্ৰাণ যাৰ।
মোৰ যশ শ্ৰৱণে উৎসুক তাসম্বাৰ॥
এহি সব ভক্তি জগতকে শুদ্ধ কৰে।
তাসম্বাত ভক্তি ভেদ কৈবা নিৰন্তৰে॥

তোমাৰো বাঢ়িবে ভক্তি কহিলে লোকত।
আৰো এক বাক্য বোলো শুনিয়ো সাম্প্ৰত॥
যদি সাধাৰণো তযু বক্যে নিষ্ঠা হয়।
সসাধনে ভক্তি তাতো কৈবা মহাশয়॥

এহি বুলি গৈলা প্ৰভু ভকত বৎসল।
কহিবো তোমাত ভক্তি যোগক সকল॥
একে মাত্ৰ বিষ্ণু ভক্তি মহা সুমঙ্গল।
প্ৰীতি বুলি কহে যাক ভকত সকল॥

নিৰ্গুণ অনন্ত যিতো আনন্দ উত্তম।
আতি সুখ ৰূপ যাৰ নাহিকে উপম।
কিন্তু জ্ঞান কৰ্ম্ম লীলা ভেদ তিনি হয়।
নামত নিৰ্গুণ ভাগৱতী প্ৰেমময়॥

তিনিয়ো গুণক শুনা সাধনে যুগুত।
জ্ঞানময় নিৰ্গুণাকে শুনিয়ো প্ৰস্তুত॥
সৰ্ব্ব অন্তৰ্য্যামীতে অখণ্ড মনোগতি।
মোক্ষতো অধিক এহি নিৰ্গুণা ভকতি॥

সকল ইন্দ্ৰিয়চয় জ্ঞান কৰ্ম্মময়।
স্বাভাবিক ৰূপে যদি বিষ্ণুতে ৰময়॥
ভাগৱতী ভক্তি আকে বুলি কৰ্ম্মময়।
পৰম পবিত্ৰ মুক্তি সুখক লভয়॥