পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৬০
অসমীয়া সাহিত্যৰ চানেকি।

তৃতীয় মনুৰ কালে ধৰ্ম্মৰ ভাৰ্য্যাত।
সুনৃতাৰ গৰ্ভে সত্যসেন ভৈলা জাত॥
দুষ্ট জক্ষ ৰাক্ষসক বধিয়া ৰণত।
ইন্দ্ৰৰ সহায় হুয়া পালিলা জগত ॥

চতুৰ্থ মনুত হৰি অৱতাৰ হুয়া।
গজেন্দ্ৰৰ স্তুতি শুনি সৰোবৰ গৈয়া॥
গ্ৰাহৰ মুখৰ পৰা তাঙ্ক উদ্ধাৰিলা।
সংহাৰ জলৰ তাৰি বৈকুণ্ঠক নিলা॥

পঞ্চম মনুৰ কালে বৈকুণ্ঠ সাক্ষাত।
শূদ্ৰৰ ভাৰ্য্যাত লক্ষ্মী সমে ভৈলা জাত॥
লক্ষ্মী প্ৰাৰ্থিবাৰ অৰ্থে বৈকুণ্ঠ দেখাইলা
কীৰ্ত্তি প্ৰকাশিলা সৰ্ব্ব জগত পালিলা॥

⸻⸻

নাৰদ বদতি প্ৰভু দয়ালু শঙ্কৰ।
নাহিকে তৃপিতি শুনি কথা গোবিন্দৰ॥
তথাপি সম্প্ৰতি মোৰ মিলিছে কৌতুক।
কেনমতে ভক্তি ভেদ কহিয়ো প্ৰস্তুক॥

যাক জানি লোকে অনায়াসে সাধে গতি।
কহিয়োক সেহি ভক্তি যোগক সম্প্ৰতি॥
শিৱ নিগদতি সাধু শুনিয়ো উত্তম।
পুচিলাহা ইটো কথা মহা গুহ্যতম॥

একান্ত ভক্তত বিনে নকহো আনত।
ইহাৰ কাৰণ কহে শুনিয়ো সাম্প্ৰত॥
যি কালত মোৰ ধ্যানে কৃষ্ণ তুষ্ট ভৈলা।
অভক্তত ভক্তি কহিবাক নিষেধিলা॥