পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২৮
অসমীয়া সাহিত্যৰ চানেকি ৷

শুনিয়া গোপালে বোলন্ত উপাই,
 আৰ আন নাহিকয়।
পলালে সে কাৰ্য্য এহি সে আমাৰ,
 যুগুতি হুয়া আছয়।
শুনিয়া মথুৰা- দাসে বোলে হিয়া,
 পাইলোঁহো তাৰা যেন।
ইহাতে থাকিবো কহিকো নবাইবো,
 পলাইবো মই কেমন॥
এহি কথা পাছে শুনিয়া গোপাল,
 বুলিলন্ত বচনক।
নপলায় সিতো গৰ্ব্ব বচনৰ,
 অৱশ্যে পাইবে ফলক॥
এহি বুলি পাছে উঠি ত্বৰা কালে,
 নামঘৰ ভঙ্গাইলন্ত।
ভকত সবক ভাঙ্গিয়া ঘৰক,
 পলাইবাক বুলিলন্ত।
লাগিয়া আমাক নচাইবাহা বাট,
 নলইবা বাট কাহাৰ।
যিতো যেন মতে পাৰাহা সত্বৰে,
 কৰা কাম পলাইবাৰ॥
এহি বুলি দেৱ গোপাল গৃহক,
 যায় কৰি ভোজনক।
মধ্যাহ্ন বেলাত নজনায় কাত,
 কৰিলন্ত গমনক।
ঘোৰ অৰণ্যত প্ৰবেশিলা তাত,
 দেৱতা গোপাল ৰৈলা।
অহিত শ্ৰীৰাম যদুমণি দোহো,
 গোপালৰ গৃহে গৈলা॥