পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২০
অসমীয়া সাহিত্যৰ চানেকি ৷

কৃষ্ণ দেৱতাৰ সুখে কুৰুক্ষেত্ৰে
 পায়া আছে উপদেশ।
কিয় হুইবে সম কিন্তু গোপাসব,
 আৰাত কৰি বিশেষ।
এহি কথা লাগি কৰা কৰি কৰি,
 গৈলন্ত তিনিয়ো জন।
গোপালৰ কাছে কৰিলন্ত পাছে,
 এহি কথা নিবেদন॥
শ্ৰীৰাম যদু— মণি বলে বাপু,
 ইটো কথা অঘটন।
গোপীৰ যোগীৰ দেবৰ ৰাজাৰ,
 হুইবেক সম কেমন॥
উপদেশ পৰ গোপিকা সকল,
 হুইবেক লাগে বিশেষ।
শুনিয়া গোপালে বোলা যিতো গোপী,
 পায় আছে উপদেশ॥
সিতো গোপী সম সবাহাতে শ্ৰেষ্ঠ,
 জানিব নিশ্চয় কৰি।
বৈৰী ৰাজা যোগী বেদ ইতো তিনি,
 নুহিকয় সমসৰি॥
যিতো গোপী সব বান্ধিয়া দুৱাৰ,
 ৰাখিলা পূজন কৰি।
সেহিসে গোপিকা সফল জানিবা,
 এহিন্তেসে সমসৰি॥
পুৰুষোত্তমৰ গুৰুৰ লাগিল,
 সংশয় কিছু মনত।
বুলিয়া সমান কহিলন্ত বাপ,
 আপুনি মোত পূৰ্ব্বত॥