পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১৮
অসমীয়া সাহিত্যৰ চানেকি ৷

শ্ৰীৰাম দেৱৰ আলক ধৰন্ত,
 কৃষ্ণদাস শ্ৰদ্ধা কৰি।
বৰযে আতাৰ জানিবাহা থাকে,
 চক্ৰপাণি আলধৰি॥
দেৱতা গোপালে নাম প্ৰসঙ্গক,
 দিলন্ত দুই জনক।
গোপালৰ বাক্যে বসিয়া মোততে,
 কৰা তিনি প্ৰসঙ্গক॥
গজলাৰ বাপ থাকন্তে তৰত
 কৰে তৈৰ কৃত্যকাম।
মুখ্য মুখ্য যত ভকত সকল,
 শুনা তাসম্বাৰ নাম।
পৰমানন্দ ৰাম— চন্দ্ৰ অনিৰুদ্ধ,
 আৰু নাৰায়ণ॥
পুৰুষোত্তম ৰামচন্দ্ৰ সনাতন,
 এহি মুখ্য ভক্ত জন॥
গোপাল দেৱক কৰিয়া সেবন,
 ভৈল আসি মহাজন।
যবনন্দ ওজাঁ বনমালী ওজাঁ,
 বাসুদেৱ নাৰায়ণ॥
হৰিপতি কৃষ্ণ জয় ৰাম ৰাম,
 মুৰাৰি হৰি চৰণ।
নিত্যানন্দ গোপী গুৰু প্ৰাণ হৰি,
 ভগৱন্ত সনাতন॥
জয়ানন্দ গুৰু একাদশ হৰি,
 আতাই দুই ৰাম চৰণ।
গোবিন্দ যে গুৰু হৰিদাস শিশু,
 দাস আৰু নাৰায়ণ॥