পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১৭
গোপাল আতাৰ চৰিত্ৰ ৷

ৰসন ৰূপক পায়া তেতিক্ষণে,
 ব্ৰাহ্মণে প্ৰতিমা দিলা।
পৰম উৎসবে প্ৰতিমা আনিবে,
 গোপালে আজ্ঞা কৰিলা॥
গোপালৰ বাক্যে ভকত সকলে,
 তেখনে সবে লড়িলা।
চতুৰ্দোল কৰি প্ৰতিমাক লৈয়া,
 কীৰ্ত্তন আগে কৰিলা॥
কীৰ্ত্তন কৰিয়া প্ৰতিমা আনিয়া,
 সমীপক আসি পাইলা।
কৰিয়া আদৰ দেৱতা গোপাল,
 আগ বাঢ়িয়া আনিলা॥
সেহি সময়ত বনমালী ওজাঁ,
 দেখে দেৱ গোপালক।
পূৰ্ন্নিমাৰ চান্দ আসয় হেবক,
 বুলিয়া গাইলা গীতক॥
হৰি মন্দিৰৰ মধ্যত আসন,
 পাৰিয়া তাতে থাপিল।
পৰিচৰ্য্যা কৰ্ম্ম কৰিবাক আজ্ঞা,
 সন্যাসী গুৰুক দিল॥
লোক সমন্তক ফুল চন্দনক
 দিলাহা কৰি যতন।
গোপালৰ আজ্ঞা শিৰত ধৰিয়া,
 দিলন্ত ফুল চন্দন।
নামষে ঘৰৰ ওপৰ ফালত,
 ঘৰ দেৱ গোপালৰ।
দক্ষিণ ফালত একে লগে ঘৰ,
 যদুমণি শ্ৰীৰামৰ॥

১০৩