এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১০
অসমীয়া সাহিত্যৰ চানেকি ৷
বেদৰ বিহিত ধৰ্ম্ম-কৰ্ম্ম যত,
দ্বাদশ যেন নিয়ম।
পিতৃ মাতৃ শ্ৰাদ্ধ গায়ত্ৰী সন্ধ্যাক,
আন যত নিত্য কৰ্ম্ম।
দ্বিজৰ আচাৰ কৰি পৰিহাৰ,
বৌধ মত প্ৰবেশিলা।
তযু উপদেশে প্ৰজাক নিঃশেষেে,
কৰ্ম্মত বিমুখ ভৈলা॥
শ্ৰেষ্ঠে যিবা কৰে কনিষ্ঠে আচৰে,
ই বৰ ভৈলা অন্যায়।
ইহাক পুছিবে লাগি নৰনাথে,
আনিলা ঐক মতাই॥
এতেক বুলিয়া মৌন হুয়া ৰৈলা
বাগীশ মহাশয়।
মৌনে সভাসদে আছে নিশবদে,
নজানো আজি কি হয়॥
বায়ু নবহন্তে যেহেন নিশ্চল,
সাগৰত উৰ্ম্মি নাই।
সেহি মতে সভা সদে নিবশদে,
আছে প্ৰভু মুখ চাই॥
এতেক বচন শুনি তেতিক্ষণ,
প্ৰভু দামোদৰ সন্ত।
আতি মৃদুস্বৰে বুলিয়া কাতৰে
নিবৰ্ত্তি কথা কহন্ত॥
শুনা বিজ্ঞজন তোৰা বিচক্ষণ,
পণ্ডিত দিগ্ৱিজয়।
মহাৰাজ সোধে কহিবাক লাগে,
আমাৰ যেন নিশ্চয়॥