আমাক কাহাক দিয়া যাহা প্ৰাণনাথ।
এহি বুলি পৃথিবীত আফালন্ত মাথ॥
বড়পেটা জুৰিয়া ক্ৰন্দন উৰ্ম্মি ভৈলা।
আমাৰ কুশল আজি হন্তে দূৰ গৈলা॥
এহি বুলি বিলাপ কৰন্ত ভক্তগণে।
প্ৰভুদেৱে আশ্বাসন্ত মধুৰ বচনে॥
নাকান্দা ভকত সব এড়া কষ্ট মন।
শুনা সাৱধানে সবে মুখ্য প্ৰয়োজন॥
তিনি গুটি প্ৰসঙ্গক কৰিবা সতত।
দ্বাদশ প্ৰসঙ্গ আছে তাৰ অন্তৰ্গত॥
একাদশী সংক্ৰান্তিত মোৰ সপ্ৰসঙ্গ।
কিন্তু অন্যে অন্যে প্ৰীতি নকৰিবা ভঙ্গ॥
তেবে আসি তোৰাৰ সঙ্গত সৰ্ব্বক্ষণ।
থাকিবোহু নিষ্টে মই কহিলো বচন॥
এহি বুলি দামোদৰ ৰূপে ভগৱন্ত।
সবাক আশ্বস কৰি তাম্বুল দিলন্ত॥
আশ্বাসিয়া ভকত সৱক স্থাপি থৈলা।
কৃষ্ণক হৃদয়ে ধৰি শুভ যাত্ৰা কৈলা॥
ৰান্ধনি গোঁসাই আৰু পাঠক গোঁসাই।
ৰঘুনাথ আতা আৰু কৃষ্ণাই ৰামাই॥
ৰামদাস হৰিদাস প্ৰমুখ্য ভকত।
ষাঠি জন কেউলীয়া লৰিলা লগত॥
হৰি আতা কমলাকান্ত স্থাপি থৈলা।
ধৰ্ম্মৰ সাধনে লাগে মানে তাঙ্ক দিলা॥
যাত্ৰা কালে হৰি নাম পৰম মঙ্গল।
চতুষ্পাশে বেঢ়ি গাৱে ভকত সকল॥
স্ত্ৰী বালক বৃদ্ধ সবে বেঢ়ি নাম গাৱে।
খোল কৰতাল বেণু শঙ্খ শিঙ্গা বাৱে॥
চতুষ্পাশে হৰিধ্বনি শবদ উঠিল।
আগবঢ়াইবাক লাগি সমস্তে লৰিল॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৮৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০৪
অসমীয়া সাহিত্যৰ চানেকি ৷