দিবা অবসানে পাছে ৰাত্ৰি আসি ভৈলা।
বৰ বৰ বৰুয়া প্ৰভু আগে গৈলা॥
প্ৰণমি বলয় শুনা প্ৰভু দামোদৰ।
বৰ বৰ লোক আছো তোমাৰ কিঙ্কৰ॥
আমি বলি কাটিয়া তোমাৰ নাম কৰোঁ।
তথাপি নাযাবা নাথ চৰণত ধৰোঁ॥
বিষ্ণু বিষ্ণু বুলি প্ৰভু দিলা সমিধান।
কিসৰ ই বোল বেলা ছোৱাল বচন॥
আমাৰ বদল তুমি বলিক কাটিবা।
আমি কেনে এড়াইলে ইকথা নকবা॥
ৰজাৰ পাশক যাবোঁ যেহি লাগে হৌক।
পালিবাহা সত্ৰখান দয়া কৰি মোক॥
প্ৰভু দামোদৰে হৰি আতাক বোলন্ত।
তুমি বৃদ্ধ বৈষ্ণৱ পৰম বুদ্ধিমন্ত॥
সত্ৰখানি পালিবাহা মোহৰ যে মত।
ৰজাৰ চেষ্টাক বুজিবাই ভাল মত॥
জগত ঈশ্বৰে মোক কৰিলা আদেশ।
দুনাই আৰ ইথানত নাহিকে প্ৰবেশ॥
আন ভকতক প্ৰভু কৰিলা আশ্বাস।
বুজন ন্যায় বাপু ঈশ্বৰ বিলাস॥
হৰি আতা সমে এক প্ৰণালী যে কৰি।
থাকিয়ো সমস্তে মোক খেদ পৰিহৰি॥
ভগবান নাৰায়ণ শুনা মনোহৰ।
তোৰা সবে আমাৰ শৰীৰ সমসৰ॥
বড়পেটা সত্ৰক সততে আসিবাহা।
হেলা নকৰিয়া সত্ৰখন পালিবাহা॥
মম ভ্ৰাতৃ পুত্ৰ শ্ৰীকৃষ্ণ পালিবা।
শুনা শ্ৰীকৃষ্ণ মোক শোক নকৰিব॥
ভকতৰ সঙ্গে প্ৰীতি নকৰিবা ভঙ্গ।
মোক স্নেহ আছে যেবে নেৰিবা প্ৰসঙ্গ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৮৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০২
অসমীয়া সাহিত্যৰ চানেকি ৷