আমাক আদেশ কৰিলন্ত নৰেশ্বৰ।
দামোদৰ গুৰু পাশে চলিয়ো সত্বৰ॥
মোৰ আজ্ঞা কহিবি তাহান আগে যাই।
বলি কাটি দুৰ্গা পূজিয়ো সেহি ঠাই॥
যদি বলি নকাটে আনিবি ইঠাইক।
এহি প্ৰয়োজনে আহিলোঁ তযু চৰণক॥
যদি দেবী পূজিবে পাৰিবে ভূমি মনে।
নপাৰিলে যাইতে লাগে ৰজাৰ থানে॥
প্ৰচণ্ড নৃপতি দণ্ড কৰিবে আমাক।
নগৰে চলিয়ো মানি ৰজাৰ আজ্ঞাক॥
এহি বুলি দূতে মৌন হুয়া ৰহিলেক।
ৰাজাৰ আদেশ প্ৰভু শুনিয়ো প্ৰত্যেক॥
কিঞ্চিত মলিন মুখ কৰি মহাশান্ত।
ৰজাক দুৰ্গতি পাইলে মনে গুণন্ত॥
হৰি হৰি নৃপতিৰ কিনো মন ভৈলা।
হৰি ভকতিত বাদ কৰিবাক লৈলা॥
জগত ঈশ্বৰ যি কৰিবেক যাক।
কোন জন আছে হেন বাধিবেক তাক॥
নৰ নাৰী গো ব্ৰাহ্মণক কৰিয়া সেৱ।
মধুৰ বচনে পৰিচ্ছেদ দিলা দেৱ॥
শুনিয়োক ৰাজদূত আমাৰ বচন।
তিনিয়ো লোকৰ যিতো লক্ষ্মী নাৰায়ণ॥
তাতপৰ আন কোনো পাৰো পূজিবাক।
বলিৰ লগত যদি কাটয় আমাক॥
মোৰ গল উপৰ বলিৰ গল তল।
কাটা যদি আছয় তোহৰ গাৱে বল॥
ৰজাৰ পাশক যাইবো নকৰিবো পূজা।
হৰি বিনে আছয় আমাৰ কোন পূজ্য॥
এহিবুলি পৰম পুৰুষ ভগৱন্ত।
বিজয়পুৰক যাইবে ইচ্ছা কৰিলন্ত॥
১০১