বৰাহ কুণ্ডৰ যেবে পূৰ্ব্ব যে দিশত।
জন্ম লভি হৈব পাছে স্থিত পশ্চিমত॥
কলিত প্ৰখ্যাত হৈব নাম দামোদৰ।
তান উপদেশে লোক তৰিবে বিস্তৰ॥
পাৰ্ব্বতীৰ আগে এহি বুলি মৌন ভৈলা
সেহি দামোদৰ আসি কলিত জন্মিলা॥
শঙ্কৰে এহি বুলি তাৰাত কহিলা।
তাৰা সবে শুনি অনুমোদন কৰিলা॥
উঠি উঠি নমস্কাৰ কলিৰা তথাত।
হৰি গুৰু কৰিলন্ত আগে দণ্ডৱত॥
এহি মতে তথাতযে আনন্দ মিলিলা।
তাসম্বাকে দামোদৰে আশ্বাস কৰিলা॥
প্ৰসঙ্গ কৰিয়া দামোদৰক নমিলা।
আনন্দত উঠি পাছে সবে গৃহ গৈলা॥
দামোদৰ ৰহিলন্ত আপুন গৃহত।
কৃষ্ণ ৰাম নাম পাছে জপিলা মনত॥
তথা হন্তে যত লোক আসে অসংখ্যাত।
দণ্ডৱত কৰে দামোদৰ চৰণত॥
এহিমতে তথাত আছন্ত দামোদৰ।
শৰণ হৈলন্ত আৰু পত্নী শঙ্কৰৰ॥
এক দিনা ৰামৰায় তথায় আছন্ত।
দেখিলেক দামোদৰ বসিয়া আছন্ত॥
দামোদৰ চৰণে কৰিয়া দণ্ডৱত।
পাছে ৰামৰায় বসিলেক অবনত॥
কথামাতে বসি তথা আছে কতক্ষণ।
ৰামৰায় হেন পাছে বুলিলা বচন॥
শুনিয়োক প্ৰভুদেৱ বচন আমাৰ।
ভাল কৰি সত্ৰ তুমি কৰাঁ আপুনাৰ॥
দামোদৰে শুনি হাসি বুলিলা বচন।
আপুনি দিয়োক সত্ৰ বান্ধিবাৰ স্থান॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৬৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮৮
অসমীয়া সাহিত্যৰ চানেকি ৷