পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮৭
অসমীয়া সাহিত্যৰ চানেকি ৷

তিনি দিন অন্তৰে বিদাই কৰিলা৷
ৰামৰায় শুন বুলি চৈতন্য মাতিলা॥
এহি বস্তু আমি দেওঁ হাতত তোমাৰ।
স্বৰূপ বচন বুলো আগে তোমাসাৰ॥
ইটো পুস্তকত যে তোৰাৰ কাৰ্য্য নাই।
অবশ্যে নিয়া দিবা দামোদৰৰ ঠাই॥
এহিবুলি সংহিতা পুস্তক খানি দিলা।
তৈৰ পৰা তাৰ দুয়ো গৃহক আসিলা॥
ৰামৰায় গুৰু শঙ্কৰ দুই জন।
দামোদৰদেৱ পাশে কৰিলা গমন॥
ব্যাস যে পুৰত দামোদৰ আছে বসি।
প্ৰকাশন্তে আছে যেন পূৰ্ণিমাৰ শশী॥
আগ হুয়া দুয়ো জনে পুস্তকক দিলা।
দেখি দামোদৰে বৰ হৰিষ লভিলা॥
ইহাৰ ৰহস্য যে আমাৰ ঠাই আছে।
দামোদৰে তাৰাক বিদায় দিলা পাছে॥
ইটো কথা এহিমানে সংহৰিয়া পওঁ।
তাত পাছে যেন ভৈলা তাৰ কথা কওঁ॥
শঙ্কৰ গৈলন্ত দামোদৰৰ পাশক।
শৰণ কৰায়ো তুমি আমাৰ বংশক॥
নমস্কাৰ কৰিলন্ত এহি বাক্য বুলি।
দামোদৰ তেতিক্ষণে ধৰিলা আকুলি॥
নিকটে বসাইলা নিয়া পৰম সাদৰে।
সমজ্যাৰ আগত বুলিলা শঙ্কৰে॥
নাৰায়ণ বদতি হৰ গৌৰী সংবাদত।
পাৰ্ব্বতী পুছিলা প্ৰণিপাতে শঙ্কৰত॥
কোন গতি হৈবে আৰে কলিত লোকৰ।
হেন শুনি পাৰ্ব্বতীত কহিলা শঙ্কৰ॥
দামোদৰ নামে দ্বিজ হৈব জাত।
সিটো দ্বিজে তাৰিবে লোক অসংখ্যাত॥