বচনেক বোলো তাক শুনিয়ো সাম্প্ৰত।
হেন জানি প্ৰাণ সখি চিন্তিয়ো মনত॥
কাতৰ বচনে মাতিলন্ত ধনঞ্জয়।
আমি নজানোহো প্ৰভু ইহাৰ অন্বয়॥
যেন মতে ৰক্ষা যাই তযু সৈন্যগণ।
আপদে উদ্ধাৰা প্ৰভু তুমি নাৰায়ণ॥
অৰ্জ্জুনৰ বচনে মাতিলা দামোদৰ।
ভীমক সম্বুধি পাছে বুলিলা সত্বৰ॥
ইতো ৰখ আসি যেবে পড়ে ৰণস্থল।
আমাৰ সৈন্যক তেবে মাৰিবে সকল॥
হেন জানি তুমি বীৰ পবন নন্দন।
আপোন পিতৃক তুমি কৰিয়ো স্মৰণ॥
তব পিতৃ সখা আসি হৈব অনুবল।
গদা আগে ক্ষেপা তুমি গগণ মণ্ডল॥
ভীমৰ মনত ভৈলা কৃষ্ণৰ বচনে।
আপোন পিতৃক ভীমে কৰিলা স্মৰণে॥
মাৰুতৰ পথে বায়ু জানিয়া তেখনে।
ভীমৰ আগত আসি ভৈলা উপাসন্নে॥
পিতৃক দেখিয়া বীৰে কৰি নমস্কাৰ।
পাযুগৰ ধূলি শিৰে লৈলেক পিতাৰ॥
যি বলে ভাঙ্গিলা পিতৃ মেৰুৰ শিখৰ।
গগণ মণ্ডলে ৰথ ক্ষেপিয়ো সত্বৰ॥
পুত্ৰৰ বচন শুনি চলিলা পবন।
প্ৰলয়ৰ বায়ু যেন ভৈলা তাৱক্ষণ॥
কেশৱ বদতি যে ভীমৰ মুখ চাই।
গদাপাতি ৰথ খান তোলা আলগাই॥
অধৰ কামুৰি ভীম সেন ধনুৰ্দ্ধৰ।
গদাৰ আগত ধৰিলন্ত ৰগবৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৬০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭৯
মহাভাৰত দ্ৰোণ পৰ্ব্ব।