কিবা মই অশকত আকলিয়া মনে।
কিবা পৰাজয় মোৰ দেখিলা আপনে॥
তিনি লোকত সুৰ মুনি যত লোক।
আমি ধনুৰ্দ্ধৰ তিনি জগতে বেকত॥
লগত আছয় টোণ গাণ্ডিৱ কৰত।
আনি যত মান তাক যুজিতে শকত॥
তোমাৰ আগত আমি থিত ভগদত্ত।
মোক আগ কৰি হৰি যুজা কেন মত॥
কৃষ্ণক সম্বোধি পাছে বিজয়ে বদতি।
পূৰ্ব্বত বুলিলা মই ৰথৰ সাৰথি॥
সিসব বচন কেনে সবে পাসৰিলা।
প্ৰতিজ্ঞাক নৰাখিয়া কি কৰ্ম্ম কৰিলা॥
গোবিন্দ ৰদতি শুনিয়োক সব্যসাচী।
ভগদত্তে শৰ পাত প্ৰহাৰিলা বাচি॥
ইহাক ৰাখন্তা নাহি ত্ৰিভুবন মাঝে।
হেন শৰৰাজ নাহি কেহো সমৰাজে॥
সম্প্ৰতিকে কহোঁ মই পূৰ্ব্বৰ যত কথা।
এহি শৰ পাত ভগদত্তে পাইলে যথা॥
চাৰি বিধ ৰূপ আপোনাৰ যেন ঠান।
অৰ্জ্জুনে শুনন্ত কথা কহে ভগৱান॥
একৰূপে আমি তাৰ তপক আচৰো।
আউৰ ৰূপে আমি জগতৰে কৰ্ম্ম কৰোঁ॥
আউৰ ৰূপে মনুষ্য লোকত লওঁ ঠাৱ।
সেহি কৰ্ম্ম চিন্তোহো যাহাৰ যেন ভাৱ॥
অপৰেক ৰূপ ধৰে তাত অনন্তৰে
সহস্ৰ বৰিষ থাকো জলৰ ভিতৰে॥
সহস্ৰ বৎসৰে অনন্তৰ সিঠাৱত।
আমাত ভকতি সুৰাসুৰ নৰ যত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৫৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭৬
অসমীয়া সাহিত্যৰ চানেকি।