কৰ্ণপুৰি মাৰিলা সৰকি গৈল বাণ।
ভল্লশৰে অৰ্জ্জুনে কৰিলা খান খান॥
কৰে ধৰি আছন্তে কাটিলা শৰ ধনু।
কাটিলন্ত কবচ উদাস ভৈলা তনু॥
পৰিহাস কৰি ধনঞ্জয়ে বোলে বাক।
এবে ভগদত্ত ৰাজা যুজিবি কাহাক॥
চতুৰ্দ্দশ শৰ যে গুণত দিলা আনি।
ৰত্ন বিৰচিত যেন জ্বলন্তে অগনি।
অৰ্জ্জুনৰ শৰ যে ৰাজাক যাই খেদি।
একৈকক তিনি খণ্ড কৈলা বীৰে ছেদি॥
ৰাজাৰ গাৱক ঢাকি বহয়ে ৰুধিৰ।
পৰ্ব্বতৰ পৰা যেন বহে গেৰুধাৰ॥
সেই গজে বিমৰষি চড়ি মহাশয়।
সাৰথিক প্ৰতি প্ৰহাৰিলা লোহাময়॥
অৰ্জ্জুনে দেখন্ত শৰীৰক আগে ধাই।
পথতে শকতি কাটিলন্ত বেলগাই॥
ৰথক ধ্বজক সাৰথিক বৰ টানে।
দশ শৰ সাৰথিক হানি মৰ্ম্মস্থানে॥
দুনাই হানিলেক কঙ্ক পত্ৰ শৰচয়।
ৰাজাৰ শৰীৰে ফুটিলেক আতিশয়॥
ৰাজাও মাৰিলা কঙ্ক পত্ৰ এক শৰ।
অৰ্জ্জুনৰ মাথাত পৰিলা নিৰন্তৰ॥
মাথাৰ উপৰে আছে এক অলঙ্কাৰ।
সৰ্ব্বজনে বাখানে কিৰীটি নাম যাৰ॥
উফৰি পৰিলা সেহি কঙ্ক পত্ৰ শৰে।
দুনাই অৰ্জ্জুনে তাক আনি পিন্ধি শিৰে॥
অৰ্জ্জুনে বোলয় শুন ৰাজা ভগদত্ত।
কাৰ্য্যত জানিলে তোৰ যিদূৰ শকত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৫৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭৪
অসমীয়া সাহিত্যৰ চানেকি।