নুহি এবে এসম্বাক নিবাৰিবে ৰণে।
কি কাৰণে মহাৰ কৰে কুৰুগণে॥
অঙ্গীকাৰ সফল কৰিয়া গুৰু দ্ৰোণে।
যুধিষ্ঠিৰ ৰাজাক ধৰিবে ঘোৰ ৰণে॥
তাহাৰ আভাস সবে সমৰ এড়য়।
পলাই সেনাগণ সবে হুয়া মহাভয়॥
কিবা নৰ্কাসুৰ বীৰ পৃথিবীৰ নাতি।
কামৰূপে ৰাজা ভগদত্ত নৰপতি॥
দুৰ্ব্বাৰ দাৰুণ হস্তী কন্ধে চৰি বীৰ।
পাণ্ডৱী সেনাক সবে কৰিয়া অথিৰ॥
হেন মোৰ মনে লয় শুনা ধনঞ্জয়।
ঘৃত পাই অগ্নি যেন জ্বলন্তে আছয়॥
বোলা ভগদত্ত সম বীৰ নাহি কেৱ।
তাৰ মোৰ ঘোৰ যুদ্ধ কৰায়ো কেশৱ॥
যথা আছে ভগদত্ত হস্তীৰ কন্ধত।
অৰ্জ্জুনে বোলন্ত হৰি চলাওক ৰথ॥
শীঘ্ৰ কৰি ডাকা ৰথ চলোহো এখনে।
স্বৰূপ জানিলোঁ ৰাজা সাজি আইল ৰণে
কিঞ্চিত সমৰে তাত নাই বুদ্ধি বল।
পুৰন্দৰ সমসৰ বলেও কুশল॥
ধৰণী তলত পেলাবোহো বীৰ বাচি।
ভগদত্ত সুশৰ্ম্মা গৰজে সব্যসাচী॥
যেবে মহাবীৰৰ লাগিল ময়মত্ত।
নাহি পৃথিবীত তুল্য সম সমৰত॥
ঐৰাৱত সমতুল্য গজ নাহি যাৰ।
কেমন শকতি তাক ৰণে জিনিবাৰ॥
সমৰক যতন কৰিয়া মহাক্ৰোধে।
বিংশতি সাৰথি ৰথ চলে যুথে যুথে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৪৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬৮
অসমীয়া সাহিত্যৰ চানেকি।