পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬৭
মহাভাৰত দ্ৰোণ পৰ্ব্ব।

ভগদত্ত বীৰত হাৰিয়া সমুদায়।
সসৈন্যে পাণ্ডবগণ বিভঙ্গে পলায়॥
শুনি অৰ্জ্জুনৰ বৰ বিষাদক ভৈলা।
মনো দুঃখে কেশৱক মাতিবাক লৈলা॥

ৰণে আগহুৱা আমি কৰিবো সমৰ।
বলে পৰাক্ৰমে মোক নাহি পটণ্ডৰ॥
আৰু বিপৰীত হেন দেখিয়ো বিলয়।
কৌৰৱী সেনাৰ উৰ্ম্মি দেখি অতিশয়॥

চিহ্ন দণ্ড ছত্ৰ তুলি ধৰি সমুদায়।
আক্ৰান্ত কৰিয়া দেখোঁ উত্তৰক যায়॥
সমৰ মধ্যত দেখিলেক কৌৰবক।
পৃথিবীৰ ধূলা উৰে দক্ষিণ দিশক॥

আমাৰ সেনাৰ নুশুনয় মাত বোল।
বাদ্য ভণ্ড নিশান নবাৱে ঢাক ঢোল॥
হস্তী ৰখ গজৰো আৰাৱ নজঙ্কাৰ।
শঙ্খ জয় নুশুনয় ধনুৰ টঙ্কাৰ॥

চিহ্ন চৌড়া ছত্ৰ নোতোলয় দণ্ড ধৰি।
ইহাৰ অন্বয় মোত কহিয়ো মুৰাৰি॥
অৰ্জ্জুনৰ মাত শুনি বুলিলা মাধৱ।
শুনিয়োক বোলো মোৰ সুহৃদ বান্ধৱ॥

দুৰ্য্যোধনে দ্ৰোণক পাতিলা সেনাপতি।
মহাধনুৰ্দ্ধৰ বীৰ বিপুল শকতি॥
তেহে ঘোৰতৰ কৰিলন্ত অঙ্গীকাৰ।
তেহে বলে জিনি মাৰে সৈন্যক আমাৰ॥

সমৰত ভঙ্গ আৰু দেখায়ু সংশয়।
ভীমসেন সাত্যকীয়ে ৰনত দুৰ্জ্জয়॥
দ্ৰোণৰ বধক উপজিলা ধৃষ্টদ্যুম্ন।
তেসম্বে আছন্ত কেন হাৰিবেক ৰণ॥