পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫৯
মহাভাৰত—শল্যপৰ্ব্ব।

লৈল ধৌত সঞ্জি পাত দুই হাতে দাঙ্গি।
বলে প্ৰহাৰিলা কৰ্ণ তনয়ক লাগি॥
অনন্তৰে সেহি পাত হৃদয়ক পাইলা।
সাত খান কৰি দেহা কাটিবে লগাইলা॥

ৰথ হন্তে ভূমিত পৰিলা বীৰবৰ।
প্ৰাণ ছাৰি মৰি গৈল যমৰ নগৰ॥
ভ্ৰাতৃৰ মৰণ দেখি সুসেন খঞ্জিলা।
শৰ বৃষ্টি কৰি পাচে নকুল চাইলা॥

নাহিকে সাৰথি ৰথ বীৰ নকুলৰ।
ৰথে চৰি যুদ্ধ কৰে কৰ্ণৰ কুমৰ॥
হেন দেখি সুতসোম দ্ৰৌপদী তনয়।
নকুলক ৰথ নিয়া যোগাইলেক তয়॥

তেতিক্ষণে ৰথে উঠিলেক ত্বৰাকৰি।
পৰ্ব্বত উপৰে যেন প্ৰকাশে কেশৰী॥
নিমিষেকে আন ধনু লৈলা বীৰবৰ।
সমৰে প্ৰচণ্ড বীৰ মাদ্ৰীৰ কুমৰ॥

দুই খান ধনু ধৰি মণ্ডল আকাৰ।
দুইক দুই শৰ বৃষ্টি কৰি ধাৰাসাৰ॥
অন্যোঅন্যতেসে চাৱে প্ৰাণ হৰিবাক।
অবিশ্ৰামে শৰ বৃষ্টি কৰে ঝাকে ঝাক॥

পাচে কৰ্ণ সুতে শনাইত তিনি বাণে।
নকুলক প্ৰহাৰ কৰিলা বৰটানে॥
দুই বাহু হৃদয়ত বিংশতি মাৰ্দ্দন।
সুতসোমক প্ৰহাৰিলা তুলি তিনি বাণ॥

দশশা দিশ ঢাকি নানা শৰ বৰিষিলা।
পাচে অৰ্দ্ধচন্দ্ৰ বাণ ধৰিলা পাণ্ডৱ।
তীখতৰ অগ্ৰভাগ প্ৰচণ্ড প্ৰভাৱ॥