শৰ ছটে নকুলৰ কোপ আতিবৰ।
আন ধনু খান তুলি লৈলা ভয়ঙ্কৰ॥
আন ৰথে চৰি বীৰ নকুল বিশাল।
নিৰ্গুএ ৰহিলা কোপে যেন যমকাল॥
সত্যসেনে সুসেনে হানিলা শৰচয়।
ৰথক আবৰি শৰ ধাৰে বৰিষয়॥
হাসিয়া নকুল ধৰিলেক শৰ ধনু।
সত্যসেনে আন চাপে কৰে লৈলা পুনু॥
সত্যসেন প্ৰসেন যে তাৰ দুই ভাই।
দুয়ো শৰে পাণ্ডৱৰ ভেদিলা হৃদয়॥
হানিয়া সুসেনে পাচে সুৰপতি বাণ।
নকুলৰ হাতৰ কাটিলা ধনু খান॥
আন ধনু ধৰিলন্ত ক্ৰোধে বীৰবৰ।
সুসেনক হানিলেক ঘোৰ পাঞ্চশৰ॥
আৰ এক শৰে ধ্বজ ছেদিলা ৰথৰ।
হন্ত আৰকৰ চৰ্ম্ম ধনু ভয়ঙ্কৰ॥
সুসেনৰ ধনু ছেদ দেখি প্ৰজাগণ।
সাধু সাধু বুলি প্ৰসংশিলা সৰ্ব্বজন॥
হেন শুনি সুসেনৰ ক্ৰোধ গৈলা জ্বলি।
শত্ৰু সম ধনুৰ্ব্বান কৰে লৈলা তুলি॥
বধিলন্ত সত্যসেন সমৰে প্ৰচণ্ড।
সাৰথিৰ ৰথক কৰিলা খণ্ড খণ্ড॥
দুই শৰে ধনু খান কাটিলা হাতৰ।
মহামৰ্ম্মে নকুলৰ কাম্পে কলেবৰ॥
ৰথভঙ্গ হয় বীৰ নকুল খঙ্গিলা।
ৰথৰ শকতি পাত তুলিয়া লগাইলা॥
সুবৰ্ণৰ দণ্ড আঙ্গুঠিত অগ্ৰে যাৰ।
লহলহ সাজিল যেন সৰ্পৰ আকাৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৩৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫৮
অসমীয়া সাহিত্যৰ চানেকি।