এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫৪
অসমীয়া সাহিত্যৰ চানেকি।
তযু সেনাচয় ভীম ধনঞ্জয়,
শুহিলেক শৰে হানি।
পাচে দুই ভাই শৰীৰৰ বলে,
কৰিলা শঙ্খৰ ধ্বনি॥
দৃষ্টদুম্ন বীৰ শ্ৰীখণ্ডি সহিতে,
নৃপতিক আগকৰি।
শল্য নৃপতিক লাগি খেদি গৈল,
কৰে ঘোৰ ধনু ধৰি॥
মাদ্ৰীৰ তনয় ক্ৰোধে গৈলা ধাই,
অস্ত্ৰ শস্ত্ৰ ধৰি কৰে।
দেখি কুৰু সেনা ভৈলা সেনাবেনা;
পলাই গৈল নিৰন্তৰে॥
পাণ্ডবৰ শৰে কাটে নানা মতে,
কুৰু কতকৰ শিৰ।
ভৈল হাহাকাৰ তোমাৰ সেনাৰ,
ভয়ে নোহে কেহো থিৰ॥
ভাই ভাই এৰি পলাই লৱৰি,
পুত্ৰক এৰিয়া বাপে।
মাতুল ভাগিন এৰি বন্ধুগণ,
ভয়ে পলাই জাকে জাকে॥
হয় হস্তী ৰণ এৰিয়া সমস্ত,
পলাই মাত্ৰ প্ৰাণ ৰাখি।
গুচিল হৰিষ গৈলা দশোদিশ,
সমৰ ভূমি উপেক্ষি॥
ৰণ ভূমি খান কৰিলো বৰ্ণন,
যথা মতি অনুসাৰে।
মোক মূৰ্খ জানি নিন্দা নকৰিবা,
সাধুসব নিৰন্তৰে॥