পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫২
অসমীয়া সাহিত্যৰ চানেকি।


এহি ছয় ভাগ আয়ু কলিকালে দেখা।
টুটি চাৰি মানে মনে ধৈৰ্য্য ধৰি দেখাঁ॥
যেতিক্ষণে মাতৃ গৰ্ভে শৰীৰক ধৰে।
আয়ু টুটন্তে সে যায় মনত নধৰে॥

এহি মতে আয়ু যায় সমস্ত লোকৰ।
শৰীৰ বাঢ়ন্তে যায় হৰিষ সবাৰ॥
মাৱৰ গৰ্ভত যেতিক্ষণে লৱে ঠাই।
সেহি ক্ষণ হন্তে আয়ু টুটন্তে সে যাই॥

দিন পক্ষ মাস ভেদ যাবে গণি চাৱে।
দশ মাস দশ দিন গৰ্ভৰ বজাৱে॥
দিনে দিনে কায় বাঢ়ে দুৰ্ঘোৰ সংসাৰ।
এহি মতে আছা জানা মৰণৰ ডৰ॥

এড়ি আন বৃথা কথা হুয়া শুদ্ধ মতি।
সততে চিন্তিয়ো আত্মা কৃষ্ণৰ ভকতি॥
নমো নাৰায়ণ তযু চৰণ যুগল।
ইবাৰ আমাৰ জন্ম নকৰা বিফল॥

নাজানো তোমাৰ স্তুতি মই মূঢ় মতি।
নকৰা বঞ্ছিত প্ৰভু ইবাৰ সম্প্ৰতি॥
দুঃখৰ কৰুণানিধি কৃপাৰ সাগৰ।
মই দুঃখিতক দয়া কৰা দামোদৰ॥

যেন মতে তৰো ইতো দুৰ্ঘোৰ সংসাৰ।
পুনঃ যেন জন্ম মৃত্যু নাহিকে আমাৰ॥
এহি মানে কৃপা কৰা প্ৰভু দেৱ হৰি।
নমো নমো কৃপা তযু চৰণত ধৰি॥

শ্ৰীধৰ কন্দলী কহে কৃষ্ণৰ বিজয়।
আক এক মনে যিতো শুনয় নিশ্চয়॥
কৃষ্ণৰ বিজয় ইতো শুনা ৰঙ্গ মনে।
ৰাম কৃষ্ণ বুলি চলা বৈকুণ্ঠ ভুবনে॥