পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪৬
অসমীয়া সাহিত্যৰ চানেকি ৷

কৰ্ম্ম এড়ি বিকৰ্ম্ম পাতেকে হোৱে হত
অৱশ্যকে পৰিবেক ঘোৰ নৰকত॥
শঙ্কৰে বোলন্ত শুনিয়োক স্বৰূপত।
পুৰাণৰ সূৰ্য্য ইতো মহাভাগৱত॥

যাৱত জৌল্লকা পোকা প্ৰকাশ কৰয়।
যাৱত নাহিকে আসি চন্দ্ৰমা উদয়॥
পূৰ্ব্ব দিশে সূৰ্য্য যেন ভৈলন্ত উদয়।
জৌল্লকা চন্দ্ৰৰ প্ৰকাশক বিনাশয়॥

জৌল্লকাৰ সদৃশ কুকাব্য নিৰন্তৰ।
সকলে পুৰাণ যেন প্ৰকাশ চন্দ্ৰৰ॥
কোটি সূৰ্য্য সম প্ৰকাশয় ভাগৱত।
কাব্য পুৰাণৰ কিছু নাহিকে মহত॥

ভাৰত পুৰাণ ব্যাস ঋষি কৰিলন্ত।
যাৰ যেন জাতি ধৰ্ম্ম সবে বিহিলন্ত॥
চাৰিয়ে বেদৰ কৰিলন্ত শাখা ভেদ।
তথাপিতো নুগুচে মনৰ তান খেদ॥

পশুহিংসা ধৰ্ম্ম বিহিল জগতত।
সি কাৰণে সুস্থ নাই ব্যাসৰ মনত॥
বৈকুণ্ঠৰ শাস্ত্ৰ ইতো মহাভাগৱত।
নাৰায়ণে কহিলন্ত ব্ৰহ্মাৰ আগত॥

ব্ৰহ্মা নাৰদত কৈলা নাৰদে ব্যাসত।
ব্যাসে কৰিলন্ত পাচে মহাভাগৱত॥
শুকক পঢ়াইল ব্যাসে ইটো শাস্ত্ৰসাৰ।
শুকে পৰীক্ষিত আগে কৰিলা প্ৰচাৰ॥

সাধু সঙ্গে কৃষ্ণ ভক্তি কেহো নজানয়।
কাম্য কৰ্ম কৰি ঘোৰ নৰকে পৰয়॥
পদৱন্ধে নিবন্ধিলোঁ শাস্ত্ৰ ভাগৱত।
শ্ৰৱণ কীৰ্তন কৰি তৰোক জগত॥