পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪২
অসমীয়া সাহিত্যৰ চানেকি ৷

দেৱপূজা কৰি যিতো কাটে হাঁস ছাগ।
অন্তকালে সিয়ো অস্ত্ৰ ধৰি লয়ে লাগ॥
কাটে ছিণ্ডে লয়ে প্ৰাণ মাৰক মুচৰি।
যাতনা ভুঞ্জিবে লাগি জীয়ে মৰি মৰি॥

যি কাৰ্য্যে কাটয় বলি ফলো নধৰয়।
কিঞ্চিতেক ছিদ্ৰে সবে বিনাশ কৰয়॥
চিৰকাল ভুঞ্জি মৰে ঘোৰ নৰকক।
যিতো জনে চাহে আপোনাৰ কুশলক॥

কৃষ্ণক ভজিয়া সুখে তবোক সংসাৰ।
আত পৰে জীৱৰ কুশল নাহি আৰ॥
অনন্তৰে ৰামদাস প্ৰণাম কৰিলা।
বিদায় কৰিয়া নিজ গৃহে চলি গৈল॥

মনে ভয় ভৈল কথা শুনি শঙ্কৰৰ।
ছাগল নিকিনি পাছে আসিলা মন্দিৰ॥
গুৱা পাণ লৈয়া ৰঙ্গে মাধৱ আসিলা।
ৰামদাস বহিনাইক হৰিযে মাতিলা॥

কতকৰি লাগিল ছাগল কিনিবাক।
কতবৰ উচ্চ ছাগ দেখায়ো আমাক॥
দুই শৃঙ্গ ভাল হৈবে অখুন দুই কৰ্ণ।
কিবা দুই গোটা কাল কিবা শুক্লবৰ্ণ॥

আগক আনিয়ো আবে দোগোটা ছাগক৷
শুনি ৰামদাসে মাতিলন্ত মাধৱক॥
মোহোৰ বচন বৰগিৰি শুনিয়োক।
কহো সত্য কথা তুমি নখঙ্গিবা মোক॥

ছাগল কিনিবে গৈলো কৰিয়া যতন।
আছন্ত শঙ্কৰ তাঙ্ক ভৈলোঁ দৰশন॥
বসিয়া আছন্ত মহাৰূপ চমৎকাৰ।
দেখি চৰণত কৰিলোহে নমস্কাৰ॥